ডিচেম্বৰৰ পৰা কমিব নেকি আপোনাৰ দৰমহা? চৰকাৰৰ সিদ্ধান্ত…
ইয়াৰ পূৰ্বে দৰমহাৰ গাঁথনি প্ৰস্তুত কৰাৰ সময়ত বেছিভাগ কোম্পানীয়ে কৰ্মচাৰীৰ মৌলিক দৰমহা মুঠ দৰমহাৰ (CTC)ৰ ৩০-৩৫ শতাংশ হিচাপে নিৰ্ধাৰণ কৰিছিল। বাকী থকা ধনৰাশি বিভিন্ন ভাট্টা অৰ্থাৎ এইচ আৰ এ (HRA), ডি এ (DA), বিশেষ ভাট্টা (Special Allowence), বিধিগত বোনাছ (Statutory Bonus) হিচাপে দিয়া হৈছিল।
কেন্দ্ৰৰ নতুন নিয়ম অনুসৰি অহা মাহৰ পৰা হ্ৰাস পাব পাৰে আপোনাৰ দৰমহা । প্ৰতিমাহে দৰমহা হিচাপে পোৱা ধন কিছু পৰিমাণে হ্ৰাস পাব পাৰে। কিন্তু হঠাৎ কিয় দৰমহা কমি যাব, জানেনে? আৰু কৰ্তন কৰা ধন ক’লৈ যাব? বিতংভাৱে ক’বলৈ গ’লে, এতিয়া প্ৰৱৰ্তন কৰা হৈছে নতুন ৪ খন শ্ৰমিক সংহিতা (Labour Code) । ২১ নৱেম্বৰৰ পৰা নতুন ৪ খন শ্ৰমিক সংহিতা কাৰ্যকৰী হৈছে । আৰু এই নতুন শ্ৰম সংহিতাৰ প্ৰভাৱৰ বাবে কৰ্মচাৰীসকলৰ হাতৰ দৰমহা হ্ৰাস পাব পাৰে। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ নতুন নিয়ম অনুসৰি কৰ্মচাৰীৰ মৌলিক দৰমহা মুঠ দৰমহাৰ ৫০ শতাংশ হ’ব লাগে।
ইয়াৰ পূৰ্বে দৰমহাৰ গাঁথনি প্ৰস্তুত কৰাৰ সময়ত বেছিভাগ কোম্পানীয়ে কৰ্মচাৰীৰ মৌলিক দৰমহা মুঠ দৰমহাৰ (CTC)ৰ ৩০-৩৫ শতাংশ হিচাপে নিৰ্ধাৰণ কৰিছিল। বাকী থকা ধনৰাশি বিভিন্ন ভাট্টা অৰ্থাৎ এইচ আৰ এ (HRA), ডি এ (DA), বিশেষ ভাট্টা (Special Allowence), বিধিগত বোনাছ (Statutory Bonus) হিচাপে দিয়া হৈছিল। এতিয়া কেন্দ্ৰৰ নিয়মত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে কৰ্মচাৰীসকলৰ দৰমহাৰ ৫০ শতাংশই তেওঁলোকৰ মৌলিক দৰমহা হ’ব লাগে।
