কেবিনেটৰ সিদ্ধান্তৰ পৰা ধেমাজিৰ নন্দিতা কাণ্ডৰ ৰায়দানলৈ, চাওক দিনটোৰ শীৰ্ষ খবৰ
কেবিনেটৰ সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা ১৮ বছৰৰ ওপৰৰ কোনো লোককে নতুনকৈ আধাৰকাৰ্ড প্ৰদান কৰা নহ'ব। বৈঠকত লগতে দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈকে নিৰ্মাণৰত উৰণীয়া সেতুখন মহাৰাজা পৃথুৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে।
আজি অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ সিদ্ধান্ত অনুসৰি, এতিয়াৰে পৰা ১৮ বছৰৰ ওপৰৰ কোনো লোককে নতুনকৈ আধাৰকাৰ্ড প্ৰদান কৰা নহ’ব। বৈঠকত লগতে দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈকে নিৰ্মাণৰত উৰণীয়া সেতুখন মহাৰাজা পৃথুৰ নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে।
ৰাজ্য কঁপাই যোৱা ধেমাজিৰ নন্দিতা শইকীয়া হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান আদালতৰ। আজি ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এই ঘটনাৰ দোষী ৰিন্টু শৰ্মাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে। মুঠ ৪১ জন সাক্ষীৰ সাক্ষ্যদানৰ অন্তত প্ৰায় ৪ বছৰ পাছত ন্যায় পালে ছাত্ৰীগৰাকীয়ে। নন্দিতাক হত্যা কৰাৰ দিনটোতে এই ৰায়দান দিয়ে আদালতে।
এছিয়া কাপত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে সেউজ সংকেত দিছে ভাৰত চৰকাৰে ৷ ১৪ ছেপ্টেম্বৰত ডুবাইত অনুষ্ঠিত হ’ব এই খেলখন। পহলগাম আক্ৰমণ আৰু ভাৰতৰ অপাৰেচন সেন্দূৰৰ পাচত ভাৰত-পাকিস্তানৰ সম্পৰ্ক অধিক অৱনতি ঘটে। ফলত এছিয়া কাপত এই মেচখনক লৈ অনিশ্চয়তা বৰ্তী আছিল। অৱশ্যে এতিয়া ইয়াৰ বাবে সেউজ সংকেত দিছে ক্ৰীড়া মন্ত্ৰণালয়ে।