অশোক সিংহালৰ প্ৰত্যাহ্বানৰ পৰা বিহাৰ নিৰ্বাচনলৈ, দিনটোৰ শীৰ্ষ খবৰ

Nov 06, 2025 | 11:29 PM

আজি অনুষ্ঠিত হয় বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ ১২১টা সমষ্টিত পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয়। তেজস্বী যাদৱ, সম্ৰাট চৌধুৰী আৰু বিজয় সিনহাৰ লগতে বিহাৰৰ ১৬ জন মন্ত্ৰীৰ ভাগ্য নিৰ্ণয় হ’ব এই প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত।

শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত দেখা গৈছে নতুন বিতৰ্ক। সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ সমীপত কেবিনেট অশোক সিংহালৰ ভূমি ক্ৰয়ৰ অভিযোগক কেন্দ্ৰ কৰি এই বিতৰ্কৰ সৃষ্টি হৈছে। কংগ্ৰেছ নেতা তথা বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এই সন্দৰ্ভত ব্যাপক সমালোচনা কৰাৰ পিছতে তেওঁক প্ৰত্যাহ্বান জনাইছে অশোক সিংহালে। দেৱব্ৰত শইকীয়াই এনে অভিযোগৰ প্ৰমাণ দিব পাৰিলে ৰাজনীতি ত্যাগ কৰি হিমালয়লৈ যাম বুলি প্ৰত্যাহ্বান জনাইছে সিংহালে।