অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা গুৱাহাটীৰ কৃত্ৰিম বানলৈ, দিনটোৰ শীৰ্ষ খবৰ
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এক কৰ্ণধাৰ বৈঠকত অংশ লয় গৃহমন্ত্ৰীগৰাকীয়ে। কাইলৈ পুৱা নৱনিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে।
দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত এক কৰ্ণধাৰ বৈঠকত অংশ লয় গৃহমন্ত্ৰীগৰাকীয়ে। কাইলৈ পুৱা নৱনিৰ্মিত ৰাজভৱন উদ্বোধন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। ইয়াৰ পাছতেই তেওঁ পঞ্চায়ত প্ৰতিনিধিৰ এক বৈঠকত অংশ ল’ব। বিয়লি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠান উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। এই বিস্তৃত কাৰ্যসূচীসমূহত অংশ লোৱাৰ পিছতে সন্ধিয়া দিল্লীলৈ উভতিব অমিত শ্বাহ।
পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী। কালিৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্লাবিত হৈ পৰিছে গুৱাহাটীৰ কেইবাটাও অঞ্চল। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে আগন্তুক ২৪ ঘন্টাৰ বাবে সতৰ্কতা জাৰি কৰিছে। অহা ২৪ ঘন্টাত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ, ধুমুহা, ঢেৰেকণি, বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। গতিকে সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান বিভাগে।