ধন নিদিয়াকৈ পাব ৰে’লৰ টিকট, কাৰ বাবে এই সুবিধা?

| Oct 01, 2025 | 10:38 PM

এই ধৰণৰ ৰেহাই বা সুযোগক ভাৰতীয় ৰে’লৱেই ‘মিলেনিয়াম গিফ্ট’ বুলি কয়। স্কুল ভ্ৰমণৰ খৰচ কমোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ মাহেকীয়া ছিজন টিকট দিয়া হয়।

ধৰি লওক আপুনি টিকটৰ মূল্য নিদিয়াকৈ ৰে’লত উঠিছে। কিন্তু কতৃপক্ষই এই কথা জানিও আপোনাৰ পৰা টিকটৰ বাবে এটকাও লোৱা নাই। টিকট নথকাৰ বাবে জৰিমনাও দিব লগা নহ’ল।  এনেকুৱা হ’ব পাৰেনে? হয়, এয়া সম্ভৱ। ভাৰতীয় ৰে’লৱেত এনেকুৱা এটা বিশেষ সুবিধা আছে।