লালকিল্লাৰ বিস্ফোৰণত জড়িত থকাৰ কথা স্বীকাৰ POK ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ…

Nov 20, 2025 | 5:55 PM

Delhi Blast Update: দিল্লীৰ বিস্ফোৰণ কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত ১৩ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হৈছিল। এতিয়া এই সন্দৰ্ভত চুবুৰীয়া দেশখনে ডাঙৰ মন্তব্য কৰিছে।

১০ নৱেম্বৰ, ২০২৫। দেশবাসীয়ে পাহৰিব নোৱাৰা এটা দিন। এই দিনটোতেই দিল্লীৰ লালকিল্লাৰ সমীপত ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল। সেই ঘটনাত ১৩ জন লোক নিহত আৰু কেইবাজনো আহত হৈছিল। ভাৰত চৰকাৰে ইতিমধ্যে এই ঘটনাক সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা বুলি মানি লৈছে। কিন্তু ইয়াৰ মাজতে পাকিস্তানে এক ডাঙৰ মন্তব্য কৰিছে।

পাকিস্তান অধিকৃত কাশ্মীৰ (POK)ৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী আনোৱাৰুল হকে দাবী কৰিছে যে, তেওঁলোকে দিল্লীৰ লালকিল্লাত বিস্ফোৰণ সংঘটিত কৰিছে। তেওঁ আৰু কৈছে যে, যদি ভাৰতে বেলুচিস্তান ৰক্তাক্ত কৰাৰ কাম কৰি থাকে তেন্তে ভাৰতৰ লালকিল্লাৰ পৰা কাশ্মীৰৰ জংঘললৈ আক্ৰমণ কৰিব তেওঁলোকে।  অৱশ্যে পাকিস্তানে এই সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক মন্তব্য কৰা নাই।

সবিশেষৰ বাবে চাওক ভিডিঅ’…