ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ অন্তিম দিনা দেখা গ’ল বিদেশী পৰ্যটকৰ উপস্থিতি

Jan 24, 2026 | 6:13 PM

এই মেলাত নিয়ম অনুসৰি, দ্বিতীয় দিনা পাহাৰৰ পৰা নামি অহা মামা-মামী সকলে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী যেনে আদা,কচু, হালধী,জালুক, ৰন্ধনজাত মচলা, ধূনা, লা, ঔষধি গছ ইত্যাদি বিক্ৰী কৰাৰ বিপৰীতে ভৈয়ামৰ লোকসকলে অনা সান্দহ, মুড়ি, লাড়ু, পিঠা, শুকান মাছৰ সৈতে বিনিময় কৰে।

ঐতিহাসিক জোনবিল মেলাৰ আজি শেষৰটো দিন। মৰিগাঁৱৰ জোনবিল পাৰত অনুষ্ঠিত হৈছে ঐতিহাসিক জোনবিল মেলা। জিলাখনৰ জাগিৰোডস্থিত জোনবিল পাৰত গোভা দেওৰজাৰ দিনৰ পৰম্পৰাগত এই মেলা বছৰ বছৰ ধৰি অনুষ্ঠিত হৈ আহিছে। এই মেলাতেই দেখা যায় সময়ৰ সোঁতত হেৰাই যোৱা এসময়ৰ বিনিময় প্ৰথা। প্ৰতিবছৰে মাঘ বিহুৰ পাছৰ সপ্তাহত গোভা দেওৰজাৰ পৰম্পৰাগত ৰীতি-নীতিৰে তিনিদিনীয়াকৈ অনুষ্ঠিত হয় এই মেলা।

এই মেলাত নিয়ম অনুসৰি, দ্বিতীয় দিনা পাহাৰৰ পৰা নামি অহা মামা-মামী সকলে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী যেনে আদা,কচু, হালধী,জালুক, ৰন্ধনজাত মচলা, ধূনা, লা, ঔষধি গছ ইত্যাদি বিক্ৰী কৰাৰ বিপৰীতে ভৈয়ামৰ লোকসকলে অনা সান্দহ, মুড়ি, লাড়ু, পিঠা, শুকান মাছৰ সৈতে বিনিময় কৰে। সুদূৰ ইংলেণ্ডৰ পৰা জোনবিল মেলা চাবলৈ আহিল দুই বিদেশী পৰ্যটকৰ লগতে  গোভা দেওৰজা। এই সন্দৰ্ভত কি ক’লে জোনবিল মেলা উদযাপন সমিতিৰ সম্পাদক জোৰচিং বৰদলৈয়ে?