আচৰিত! পানী নহয়, তিতাবৰত দমকলৰ পৰা ওলাইছে জুই…

Dec 25, 2025 | 2:44 PM

তিতাবৰত সংঘটিত হৈছে এক আচৰিত ঘটনা। এটা দমকলৰ পৰা পানী নহয়, ওলাইছে জুই। ইয়াৰ লগে লগে আতংকিত হৈ পৰে পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজ। পাছত খবৰ দিয়ে অগ্নিনিৰ্বাপক বাহিনীক।

পানী নহয়, দমকলৰ পৰা ওলাইছে জুই। দমকলৰ পৰা জুই নিৰ্গত হোৱাক লৈ তিতাবৰত আতংক। জানিব পৰা মতে, তিতাবৰৰ জালুকনিবাৰী ঠেঙাল গাঁৱত সংঘটিত হৈছে এই ঘটনা। গুণ শইকীয়া নামৰ ব্যক্তিজনৰ ঘৰত নতুনকৈ বহুৱাইছিল এটা দমকল। কিন্তু তাৰ পাছতে ঘটে আচৰিত ঘটনা।

পুৱাৰ ভাগত বাৰীত স্থাপন কৰা টিউৱেলটোত হঠাৎ জুই জ্বলি উঠাত আতংকিত হৈ পৰে পৰিয়ালটোৰ লগতে ওচৰ চুবুৰীয়াসকল।
পৰিয়ালৰ লোকে ততাতৈয়াকৈ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোকৰ লগতে প্ৰশাসনৰ বিষয়া আৰু অ’ এন জি চিৰ এটা দল উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। অৱশ্যে এইয়া কোনো অলৌকিক ঘটনা নহয়, ভূমিৰ অভ্যন্তৰত থকা প্ৰাকৃতিক গেছ নিৰ্গত হোৱাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…