আপোনাৰ PF একাউণ্টত ধন ঠিকেই সোমাইছেনে? কেনেকৈ জানিব?
আপোনাৰ পি এফ একাউণ্টত ধন জমা হৈছে নে নাই, সেয়া কেনেকৈ জানিব তথা যদি জমা হোৱা নাই তেতিয়া কি কৰিব? জানো আহক এই বিষয়ে।
যদি কোনো ব্যক্তিয়ে অৱসৰৰ পিছত হঠাতে গম পায় যে তেওঁৰ প্ৰভিডেণ্ট ফাণ্ডত জমা কৰিবলগীয়া ধনৰ বহুখিনি জমা হোৱা নাই, তেতিয়া কি হ’ব? সাম্প্ৰতিক সময়ত এনে কিছুমান ঘটনাৰ তথ্য পোহৰলৈ আহিছে, এনে পৰিস্থিতিত প্ৰভিডেণ্ট ফাণ্ডক কেন্দ্ৰ কৰি এনেধৰণৰ আশংকা প্ৰকাশ পাইছে। তথ্য অনুসৰি ২০২৩-২৪ চনত প্ৰায় ২৫,৮২০ কোটি টকা ইপিএফঅ’ত জমা হোৱা নাছিল।
এইপৰ্যন্ত প্ৰভিডেণ্ট ফাণ্ডত ধন জমা নোহোৱাৰ ক্ষেত্ৰত এই পৰিমাণ হৈছে সৰ্বোচ্চ। শতাংশ হিচাপত ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত এই সংখ্যা বৃদ্ধি পাইছে প্ৰায় ৭০ শতাংশ। কিন্তু কৰ্মচাৰীৰ প্ৰভিডেণ্ট ফাণ্ডত এই ধনৰাশি কিয় জমা নহয়? সূত্ৰৰ পৰা জানিব পৰা মতে, এনেবোৰ ঘটনা কেইবাটাও কাৰণত হ’ব পাৰে।
আপোনাৰ পি এফৰ ধন জমা হৈছে নে নাই, সেয়া কেনেকৈ জানিব তথা যদি জমা হোৱা নাই তেতিয়া কি কৰিব? জানো আহক এই বিষয়ে।