New Income Tax Bill 2025: নতুন কৰ আইন প্ৰণয়নৰ প্ৰয়োজনীতা আৰু সুবিধা-অসুবিধাৰ বিষয়ে জানক…

Feb 10, 2025 | 7:37 PM

বৰ্তমানৰ আয়কৰ আইনখন সাধাৰণ কৰদাতাৰ বাবে যথেষ্ট জটিল। এই জটিলতাৰ লগতে আইনী সমস্যাৰ পৰা হাত সাৰিবলৈ কৰদাতাসকলে কৰ বিশেষজ্ঞ বা চাৰ্টাৰ্ড একাউণ্টেণ্টৰ আশ্ৰয় লয়। সংবাদ সংস্থা পিআইটিৰ এক প্ৰতিবেদন অনুসৰি নতুন আয়কৰ আইনখন অতি সহজ হ’ব যিটো কৰদাতাই সহজেই বুজিব পাৰিব।

২০২৪ চনৰ জুলাই মাহৰ বাজেট দাখিল কৰাৰ সময়ত আয়কৰ আইন পুনৰীক্ষণ কৰি প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ কয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । তেওঁ কয় যে নতুন আয়কৰ বিধেয়কখনে কৰ ব্যৱস্থাক অধিক সংক্ষিপ্ত, সহজ আৰু স্বচ্ছ কৰি তুলিব। বুজাত অসুবিধা হোৱাৰ বাবে কৰদাতাসকলে কৰ দিওঁতে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ ভিতৰত কিছুমান আইনী বিষয়ো অন্তৰ্ভুক্ত। এই নতুন কৰ আইন প্ৰণয়ন হ’লে এই সমস্যাও সমাধান হ’ব বুলি জনাই বিশেষজ্ঞসকলে।