গোৱালপাৰাৰ দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১৫৩ হেক্টৰ ভূমিত উচ্ছেদ অভিযান
লগতে কয় যে,ইতিমধ্যে বনাঞ্চলৰ ভূমিত বসবাস কৰা প্ৰায় ছয় শতাধিক পৰিয়ালৰ প্ৰায় ৭০ শতাংশ বেদশলকাৰীয়ে নিজেই আঁতৰি গৈছে। বাকী ৩০ শতাংশ গৃহত ২০ খন বুলড'জাৰৰে উচ্ছেদ চলোৱা হয়। পৰিস্থিতি ঠিকে থাকিলে আজিয়ে উচ্ছেদ সম্পূৰ্ণ হব বুলিও উল্লেখ কৰে বন বিষয়া গৰাকীয়ে।
গোৱালপাৰাত আজি পুৱাৰে পৰা চলিল বন বিভাগৰ বুলড’জাৰ। জিলাখনৰ দহিকটা সংৰক্ষিত বনাঞ্চলত চলে বৃহৎ উচ্ছেদ অভিযান। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা ঘোষণা কৰা পিছতে আজি জিলা প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ অভিযান চলায়। জিলা বন বিষয়া তেজছ মৰিস্বামীয়ে সংবাদ মাধ্যমেত কয় যে, ১৬৮৫ হেক্টৰ মাটিকালিৰে আৱৰা দহিকটা সংৰক্ষিত বনাঞ্চলৰ ১১৪৩ বিঘা ভূমি বেদখলকাৰীৰ কৱলত পৰিছিল। সেই বেদেখলকৃত ভূমি উদ্ধাৰ কৰাৰ বাবে আজি বন বিভাগে উচ্ছেদ অভিযান চলায়।
লগতে কয় যে,ইতিমধ্যে বনাঞ্চলৰ ভূমিত বসবাস কৰা প্ৰায় ছয় শতাধিক পৰিয়ালৰ প্ৰায় ৭০ শতাংশ বেদশলকাৰীয়ে নিজেই আঁতৰি গৈছে। বাকী ৩০ শতাংশ গৃহত ২০ খন বুলড’জাৰৰে উচ্ছেদ চলোৱা হয়। পৰিস্থিতি ঠিকে থাকিলে আজিয়ে উচ্ছেদ সম্পূৰ্ণ হব বুলিও উল্লেখ কৰে বন বিষয়া গৰাকীয়ে।
