EPFO ​​News: EPFO য়ে প্ৰৱৰ্তন কৰিছে Passbook Lite! ইয়াৰ সুবিধাবোৰ জানক…

Sep 20, 2025 | 10:05 PM

Passbook Lite নামৰ এই নতুন বৈশিষ্ট্যৰ জৰিয়তে EPF একাউণ্ট পৰিচালনা আৰু ইয়াৰ পৰা ধন উলিয়াবলৈ সহজ হ’ব। পাছবুকো তৎক্ষণাত আপডেট কৰা হ’ব। পাছবুক পৰ্টেলৰ জৰিয়তে কিমান টকা জমা হৈছে সেয়াও চাব পাৰিব।

প্ৰভিডেণ্ট ফাণ্ডৰ ব্যৱহাৰ সহজ হৈ পৰিছে। EPFO য়ে প্ৰৱৰ্তন কৰিছে এক নতুন সেৱা। Passbook Lite নামৰ এই নতুন বৈশিষ্ট্যৰ জৰিয়তে EPF একাউণ্ট পৰিচালনা আৰু ইয়াৰ পৰা ধন উলিয়াবলৈ সহজ হ’ব। পাছবুকো তৎক্ষণাত আপডেট কৰা হ’ব। পাছবুক পৰ্টেলৰ জৰিয়তে কিমান টকা জমা হৈছে সেয়াও চাব পাৰিব।

১৮ ছেপ্টেম্বৰত কেন্দ্ৰীয় শ্ৰম মন্ত্ৰী মানসুখ মাণ্ডৱে কয় যে, EPF ত স্বচ্ছতা অনা আৰু ইয়াক ব্যৱহাৰকাৰী অনুকূল কৰি তোলাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। এতিয়াৰ পৰা EPFO ৰ পাছবুক পৰ্টেলত লগ ইন কৰি প্ৰভিডেণ্ট ফাণ্ডৰ অৱদান আৰু লেনদেন চাব পাৰিব।

‘পাছবুক লাইট’ত বেলেঞ্চ চেক, উলিওৱা, জমা আদি সকলো সেৱা এতিয়া এটা ক্লিকতে কৰিব পাৰিব। এই বৈশিষ্ট্যসমূহ EPFO ​​পৰ্টেল https://unifiedportal-mem.epfindia.gov.in/memberinterface/ ৰ পৰা পোৱা যাব।