মৃত ব্যক্তিৰ EPF, FD বা Mutual Fundsৰ উত্তৰাধিকাৰ কিদৰে দাবী কৰিব জানেনে?

Nov 07, 2025 | 9:42 PM

এই ধনৰ উত্তৰাধিকাৰৰ ক্ষেত্ৰত মাত্ৰ দুটা মূল কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। এই দুই কাৰক হৈছে মনোনীত ব্যক্তি আৰু বৈধ উইল। এই দুই কাৰকৰ বিষয়ে ভালদৰে জানি ল’লে ফিক্সড ডিপ’জিট, মিউচুৱেল ফাণ্ড, প্ৰভিডেণ্ট ফাণ্ডৰ উত্তৰাধিকাৰৰ ক্ষেত্ৰত সমস্যাৰ পৰা সকাহ পাব পাৰি।

পৰিয়ালৰ সদস্য এজনৰ আকস্মিক মৃত্যুৰ পিছত শোকৰ লগতে এক বিশেষ প্ৰশ্নৰ উদ্ৰেক ঘটে। এই প্ৰশ্ন উত্থাপন হয় মৃত বক্তিগৰাকীৰ নামত থকা সম্পত্তিৰ উত্তৰাধিকাৰক লৈ। বিশেষকৈ বেংকৰ ফিক্সড ডিপ’জিট, মিউচুৱেল ফাণ্ড, প্ৰভিডেণ্ট ফাণ্ডৰ ক্ষেত্ৰত এনে চিন্তা অধিক দেখা যায়। সাধাৰণতে সামান্য ভুলৰ ফলতো এনে ধনসমূহ আৱদ্ধ হৈ পৰিব পাৰে। গতিকে ফিক্সড ডিপ’জিট, মিউচুৱেল ফাণ্ড, প্ৰভিডেণ্ট ফাণ্ডৰ উত্তৰাধিকাৰ দাবী কৰাৰ সমগ্ৰ প্ৰক্ৰিয়াৰ বিষয়ে জানি লোৱাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে।