শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ডিজিটেল ভোটাৰ কাৰ্ড ডাউনলোডৰ সহজ প্ৰক্ৰিয়া, জানক...

ডিজিটেল ভোটাৰ কাৰ্ড ডাউনলোডৰ সহজ প্ৰক্ৰিয়া, জানক…

barasha-sarma
Barasha Sarma | Published: 21 Nov 2025 22:27 PM

Voter ID: আজিকালি বিভিন্ন কামত নথি হিচাপে মানুহক ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হয়। এনে ক্ষেত্ৰত আপোনাক সহায় কৰিব পাৰে ডিজিটেল ভোটাৰ কাৰ্ড। এই কাৰ্ড নষ্ট হোৱাৰ সম্ভাৱনা নাথাকে।

আজিকালি মানুহৰ প্ৰয়োজনীয় নথিৰ ভিতৰত অন্যতম ভোটাৰ কাৰ্ড। কিন্তু বহু সময়ত এই কাৰ্ড মানুহৰ হেৰাই যায় বা কেতিয়াবা লগত নিব পাহৰে। এনে ক্ষেত্ৰত আপুনি ডিজিটেল ভোটাৰ কাৰ্ড ডাউনলোড কৰিব পাৰে। অতি সহজ প্ৰক্ৰিয়াৰ দ্বাৰা আপুনি এই কাৰ্ড ডাউনলোড কৰিব পাৰিব। ই-এপিক হ’ল ইলেক্ট্ৰনিক ভোটাৰ আইডি। ইয়াৰ ডাউনলোড নকৰিলে আপুনি প্ৰকৃত ভোটাৰ আইডি লগত নিয়াৰ প্ৰয়োজন নাই।

ৰাষ্ট্ৰীয় ভোটাৰ সেৱা পৰ্টেল বা ভোটাৰ হেল্পলাইন এপলৈ যাব লাগিব। পাছত তাত দেখিব e-EPIC Download বিকল্প। তাত আপুনি ক্লিক কৰিব লাগিব। পাছত  (EPIC number)  বা ফৰ্ম ৰেফাৰেন্স নম্বৰ দিব লাগিব। পাছত আপুনি প্ৰক্ৰিয়া অনুসৰি আগবাঢ়ি এই ডিজিটেল কাৰ্ড ডাউনলোড কৰিব পাৰিব।

সবিশেষৰ বাবে চাওক ভিডিঅ’