শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Tejas Fighter Jet Crash:ৰাজ্যিক বিজেপিৰ সাংগঠনিক বৈঠকৰ পৰা যুদ্ধ বিমান দুৰ্ঘটনালৈকে, দিনটো শীৰ্ষ খবৰ

Tejas Fighter Jet Crash:ৰাজ্যিক বিজেপিৰ সাংগঠনিক বৈঠকৰ পৰা যুদ্ধ বিমান দুৰ্ঘটনালৈকে, দিনটো শীৰ্ষ খবৰ

manas-borah
Manas Borah | Published: 21 Nov 2025 23:19 PM

আজি ২১ নৱেম্বৰ, বুধবাৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। ডুবাইত ভাৰতীয় যুদ্ধ বিমান দুৰ্ঘটনাৰ পৰা অসম বিজেপিৰ সাংগঠনিক বৈঠকলৈ চাওক দিনটোৰ শীৰ্ষ খবৰ।

শুকুৰবাৰে ডুবাই এয়াৰ শ্ব’ৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় যুদ্ধ বিমান। বায়ুসেনাত ব্যৱহৃত যুদ্ধ বিমান ভাৰতীয় এইচ এ এল তেজছ দুপৰীয়া প্ৰায় ২:১০ বজাত দুৰ্ঘটনাগ্ৰস্ত হয়। ডুবাই ৱৰ্ল্ড চেণ্ট্ৰেলৰ আল মাকটুম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওপৰত সংঘটিত হয় এই দুৰ্ঘটনা।

অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ অসম চৰকাৰ। শেহতীয়াকৈ শোণিতপুৰ জিলাৰ ৫ জন লোকক ‘বিদেশী’ ঘোষণা কৰা হৈছে। ১৯৫০ চনৰ বহিষ্কাৰ আইনৰ অধীনত ২৪ ঘন্টাৰ ভিতৰত ৰাজ্য এৰি যাবলৈ জাৰি কৰা হৈছে জাননী। অৱশ্য এই লোকসকলক এতিয়াও বিচাৰি পোৱা নাই আৰক্ষীয়ে। তথ্য অনুসৰি, ২০০৬ চনত আৰক্ষী অধীক্ষকে (সীমান্ত) পঞ্জীয়ন কৰা গোচৰৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

ডিচেম্বৰৰ প্ৰথম সপ্তাহত হ’ব BTC ত বিজেপিৰ সাংগঠনিক সালসলনি। BPF ক সমৰ্থন কৰিব বিজেপিয়ে। এই কথা জনাইছে দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। তেওঁ জনাইছে যে,বিধানসভা নিৰ্বাচনৰ বাবে BTC ত বিজেপিয়ে পুনৰ সংগঠন শক্তিশালী কৰিব। ইফালে, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বিএল সন্তোষৰ সৈতে বাজপেয়ী ভৱনত বৈঠক বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ।

ইয়াৰ লগতে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ