ৰাণীৰ নৃত্য, ভিডিঅ’ কৰাত ব্যস্ত জয়া! দৃশ্য দেখি হতবাক সকলো…

Oct 02, 2025 | 8:37 PM

কৰিশ্মাক এৰি ঐশ্বৰ্যৰক নিজৰ কৰি ল’লে অভিষেকে। আৰু ৰাণীয়ে আদিত্য চোপ্ৰাৰ লগত বিবাহ পাশত আৱদ্ধ হয়। এই সকলোবোৰ এতিয়া পুৰণি খবৰ।  কিন্তু এতিয়া মুম্বাইৰ ৰাণী মুখাৰ্জীৰ দুৰ্গা পূজাত ঘটিল এটা আচৰিত ঘটনা।

এসময়ত অভিষেক বচ্চন আৰু ৰাণী মুখাৰ্জীৰ প্ৰেম কাহিনী বলীউডত ছুপাৰহিট হৈ পৰিছিল। সেই প্ৰেমৰ উৰাবাতৰিৰে বলীউডত এই দম্পতীক লৈ বহু ছবি নিৰ্মাণ কৰা হৈছিল। অৱশ্যে এই প্ৰেমৰ মাজত হঠাৎ প্ৰৱেশ কৰিছিল কৰিশ্মা কাপুৰে। যদিও কোৱা হয় যে কৰিশ্মা কাপুৰে নিবিচাৰিলেও জয়া বচ্চনে ৰাণী মুখাৰ্জীক তেওঁৰ পুত্ৰৰ পত্নী হোৱাটো বিচাৰিছিল।