Durga Puja 2025: ৰাণী আৰু কাজল ঘৰত দুৰ্গা পূজা, আয়োজন কেনেদৰে কৰা হৈছে চাওক?

Sep 28, 2025 | 11:10 PM

পঞ্চমীৰ সন্ধিয়া দেখা গ’ল মুখাৰ্জী পৰিয়ালৰ এইবাৰৰ দুৰ্গা প্ৰতিমাৰ মুখ। আৰু উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিয়ালটোৰ দুগৰাকী তাৰকা কন্যা ৰাণী আৰু কাজল।

মুখাৰ্জী পৰিয়ালৰ দুৰ্গাপূজা মুম্বাইত অতি জনপ্ৰিয়। কিয় নহ’ব, যি পৰিয়ালে বলীউডক দিছে দুগৰাকী মহান অভিনেত্ৰী ৰাণী মুখাৰ্জী আৰু কাজল। এই পৰিয়ালটোৰ পৰা অয়ন মুখাৰ্জীৰ দৰে পৰিচালক লাভ কৰিছে বলিউডে। লগতে বহু বছৰ ধৰি হিন্দী চলচ্চিত্ৰ জগতত বিশেষ স্থান দখল কৰি আহিছে এই পৰিয়ালটোৱে।

পূজাই সকলো লাইমলাইট কাঢ়ি লোৱাটো স্বাভাৱিক। এইবাৰো বেলেগ নহ’ব, সেই কথা পুনৰ প্ৰমাণ হ’ল শাৰদীয় দুৰ্গাপূজাৰ পঞ্চমীৰ দিনা। পঞ্চমীৰ সন্ধিয়া দেখা গ’ল মুখাৰ্জী পৰিয়ালৰ এইবাৰৰ দুৰ্গা প্ৰতিমাৰ মুখ। আৰু উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিয়ালটোৰ দুগৰাকী তাৰকা কন্যা ৰাণী আৰু কাজল।

কাজলে পিন্ধিছিল ৰূপালী শাৰী এখনৰ লগত ৰঙা ৰঙৰ ব্লাউজ। তেওঁ হাতত পৰিধান কৰা দেখা গৈছিল ৰঙা ৰঙৰ কাঁচৰ খাৰু। দুৰ্গা পূজাৰ বাবে অতি উৎসৱমুখৰ ৰূপ। আনহাতে ৰাণীয়ে বগা চাদৰ বাছি লৈছিল। পঞ্চমীৰ দিনা দুয়োগৰাকী ভগ্নীৰ পূজাৰ সাজ-পোছাক একেবাৰে চকুত লগা আছিল।