Divorce News: স্বামীয়ে বিবাহ বিচ্ছেদ কৰাৰ অধিকাৰ আছেনে?

Feb 28, 2025 | 8:42 PM

সময়ৰ লগে লগে আমাৰ সমাজখন সলনি হ’বলৈ ধৰিছে । সলনি হৈছে কেতবোৰ নীতি-নিয়ম, পৰম্পৰাও । পূৰ্বে মহিলাসকলে বিয়াৰ পিছত পিতৃগৃহ এৰি স্বামীগৃহলৈ গৈছিল । সেইটোৱেই আছিল সাধাৰণ নিয়ম । বৰ্তমান সেই ধাৰাত বহু পৰিৱৰ্তন হৈছে ।

বিবাহ বিচ্ছেদ হ’লে স্বামীয়ে নিবিচাৰিলেও প্ৰায়ে পত্নীক ভৰণ-পোষণ দিবলগীয়া হয়। কিন্তু পত্নীয়ে যদি কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ শহুৰৰ ঘৰৰ পৰা ওলাই যায়? তেতিয়াও একে পৰিস্থিতি হ’বনে?

বিবাহ বিচ্ছেদ হ’লে স্বামীয়ে প্ৰায়ে ইচ্ছা নকৰিলেও পত্নীক পোহপাল দিবলগীয়া হয় । কিন্তু পত্নীয়ে যদি কোনো যুক্তিসংগত কাৰণ নোহোৱাকৈ স্বামী গৃহৰ পৰা ওলাই যায়, তেতিয়া? তেতিয়াও স্বামীয়ে বিবাহ বিচ্ছেদ বিচাৰিব পাৰেনে? এই ক্ষেত্ৰত আইনে কি কয়?

হিন্দু বিবাহ আইন, ১৯৫৫ৰ ১৩(১)(ib) ধাৰা অনুসৰি যদি স্বামী-পত্নীৰ ভিতৰত কোনোবা এজনে কোনো যুক্তিসংগত কাৰণ উত্থাপন নকৰাকৈ আনজনক এৰি যায় আৰু কমেও দুবছৰ ধৰি অবিৰতভাৱে অনুপস্থিত থাকে, তেন্তে সেয়া বিবাহ বিচ্ছেদৰ ভিত্তি হ’ব পাৰে ।