Guwahati Gold and Silver Price: কেতিয়া সোণ-ৰূপ ক্ৰয় কৰাৰ উচিত সময় হ’ব?

Oct 31, 2025 | 5:45 PM

উৎসৱৰ বতৰ শেষ হোৱাৰ লগে লগে সোণৰ দাম তীব্ৰভাৱে হ্ৰাস পাবলৈ ধৰিছিল। অৱশ্যে মাহৰ শেষলৈকে পুনৰ বৃদ্ধি পাইছে সোণৰ দাম। সোণৰ লগতে ৰূপৰ দামও বৃদ্ধি পাইছে।

সোণ আৰু ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন ঘটিছে, কেতিয়াবা দাম বাঢ়িছে আৰু কেতিয়াবা হ্ৰাস পাইছে। অল ইণ্ডিয়া চাৰাফা এছ’চিয়েশ্যনৰ তথ্য অনুসৰি দিল্লীৰ বুলিয়ন বজাৰত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,২৩,৪০০ টকালৈ হ্ৰাস পাইছে। ৰূপৰ দাম প্ৰতি কিলোগ্ৰাম (সকলো কৰকে ধৰি) ১,৫৫,০০০ টকালৈ বৃদ্ধি পালে। আন্তঃৰাষ্ট্ৰীয় বজাৰত স্পট গোল্ড প্ৰতি আউন্সত ৩,৯৮৩.৮৭ ডলাৰলৈ বৃদ্ধি পাইছে। স্পট ৰূপৰ মূল্য বৃদ্ধি পাই প্ৰতি আউন্সত ৪৮.১৪ ডলাৰ হয়।

উৎসৱৰ বতৰ শেষ হোৱাৰ লগে লগে সোণৰ দাম তীব্ৰভাৱে হ্ৰাস পাবলৈ ধৰিছিল। অৱশ্যে মাহৰ শেষলৈকে পুনৰ বৃদ্ধি পাইছে সোণৰ দাম। সোণৰ লগতে ৰূপৰ দামও বৃদ্ধি পাইছে।

গুড ৰিটাৰ্ণছৰ মতে গুৱাহাটীৰ সোণ-ৰূপৰ দাম কিমান?

  • আজি ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১২,৩২৮ টকা, ১০ গ্ৰামৰ মূল্য ১,২৩,২৮০ টকা। কালিৰ দিনটোত ২৪ কেৰেট ১ গ্ৰাম সোণৰ মূল্য আছিল ১২,১৪৮ টকা। আনহাতে ১০০ গ্ৰামৰ মূল্য আছিল ১২,১৪,৮০০ টকা।
  • আজি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য ১১,৩০০ টকা। ১০ গ্ৰাম সোণৰ মূল্য ১, ১৩০০০ টকা। কালি ২২ কেৰেট ১ গ্ৰাম সোণৰ মূল্য আছিল ১১,১৩৫ টকা। আনহাতে ১০০ গ্ৰাম সোণৰ মূল্য ১১,১৩,৫০০ টকা।

সবিশেষৰ বাবে চাওক এই ভিডিঅ’…