যৌন আতিশয্যৰ অনুমতি নিদিয়ে বন্ধুত্বই, ক’লে উচ্চ ন্যায়ালয়ে

Oct 24, 2025 | 8:04 PM

আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে এগৰাকী মহিলাৰ সৈতে বন্ধুত্ব কৰিলেই বাৰে বাৰে ধৰ্ষণ আৰু নিৰ্মমভাৱে প্ৰহাৰৰ অনুমতি দিয়া নহয় বুলি উল্লেখ কৰে। অভিযুক্তই বান্ধৱীৰ সৈতে যৌন সম্পৰ্ক সন্মতিসূচক আছিল বুলি দাবী কৰে যদিও আদালতে শক্তিশালী স্থিতি গ্ৰহণ কৰে।

বন্ধুত্বৰ সম্পৰ্কই কোনো লোককে বাৰে বাৰে ধৰ্ষণ কৰাৰ বা প্ৰহাৰ কৰাৰ অনুমতি প্ৰদান নকৰেএই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়াইছে দিল্লী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে এক POCSO গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ স্বৰণ কান্ত শৰ্মাই এনে গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰে এই গোচৰত আগতীয়া জামিন বিচাৰি অভিযুক্তই উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে গোচৰৰ গুৰুত্ব বুজি তাৎপৰ্যপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়ায় আৰু অভিযুক্তৰ আবেদন খাৰিজ কৰে।