মহিলাৰ বাবে নাই ফাঁচীশাল, কেনেকৈ মৃত্যুদণ্ড বিহিব শ্বেখ হাছিনাক?
Sheikh Hasina: কিছুদিন পূৰ্বে বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক বাংলাদেশ আদালতে মৃত্যুদণ্ডৰ শাস্তি বিহিছিল। পিছে এতিয়া হাছিনাৰ মৃত্যুদণ্ডক লৈ বহু প্ৰশ্নৰ উত্থাপন হৈছে। কিয়নো ইয়াৰ আঁৰত দেশখনৰ আইন ব্যৱস্থা।
গণহত্যাত উচতনি দিয়াৰ অপৰাধত বাংলাদেশৰ আন্তৰ্জাতিক ন্যায়াধিকৰণ আদালতে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক। কিন্তু এই শাস্তি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত এক অসুবিধাৰ সন্মুখীন হ’ব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ বা আগন্তুক সময়ত নিৰ্বাচিত হ’বলগীয়া চৰকাৰ। কিয়নো দেশখনত মহিলাক ফাঁচী দিয়াৰ কোনো স্থান নাই বুলি বাতৰি প্ৰকাশ পাইছে বাংলাদেশৰ স্থানীয় সংবাদ মাধ্যমত।
কালেৰ কথা নামৰ স্থানীয় কাকতখনৰ তথ্য অনুসৰি ১৯৭১ চনৰ পৰা ১০০ৰো অধিক মহিলাক মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰা হৈছে যদিও কোনো এগৰাকীকে ফাঁচী দিয়া হোৱা নাই। বৰ্তমান ৯৪ গৰাকী মহিলা কয়দীয়ে ফাঁচীৰ ক্ষণ গণিছে কাৰাগাৰত।
বাতৰি কাকতখনৰ মতে গাজীপুৰত মহিলাৰ বাবে সুকীয়া কাৰাগাৰ নিৰ্মাণ কৰা হৈছে যদিও তাত কোনো নাই ফাঁচীকাঠ। গাজীপুৰ কাৰাগাৰত ফাঁচীকাঠ কিয় নিৰ্মাণ কৰা নহ’ল? এই প্ৰশ্নৰ উত্তৰত প্ৰাক্তন কাৰাগাৰ মহাপৰিদৰ্শক ব্ৰিগেডিয়াৰ জাকিৰ হাছানে কয় যে ইয়াৰ পূৰ্বে কোনো মহিলাক ফাঁচী দিয়া হোৱা নাছিল।
জাকিৰে কয়, “আমি সকলোৱে ধৰি লৈছিলো যে ভৱিষ্যতেও নাৰীৰ লগত একেধৰণৰ ব্যৱহাৰ হ’ব, গতিকে মহিলাৰ কাৰাগাৰত ফাঁচীকাঠ নিৰ্মাণ কৰা নহ’ল। বাংলাদেশত বেছিভাগ মৃত্যুদণ্ড ৰাষ্ট্ৰপতিৰ ওচৰ পোৱাৰ সময়লৈকে যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস কৰা হয়।”
বাংলাদেশত মৃত্যুদণ্ডৰ ব্যৱস্থা মাত্ৰ এটা পদ্ধতিৰে কৰিব পাৰি, সেয়া হৈছে ফাঁচী। ১৮৯৮ চনৰ ফৌজদাৰী বিধি আইন অনুসৰি মৃত্যুদণ্ডৰ শাস্তি পোৱা ব্যক্তিক ফাঁচী দিয়া হয়। বাংলাদেশত আন কিছুমান মুছমান দেশৰ দৰে গুলীচালনা, বিদ্যুৎস্পৃষ্ট, বা বিষাক্ত বেজীৰে মৃত্যুদণ্ড দিয়া নহয়।
আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ আদালতৰ এই সিদ্ধান্তৰ পিছতে বাংলাদেশ চৰকাৰৰ প্ৰথম প্ৰচেষ্টা হৈছে শ্বেখ হাছিনাক ঢাকালৈ ঘূৰাই অনা। বৰ্তমান ভাৰতৰ ৰাজধানী দিল্লীত বসবাস কৰি আছে শ্বেখ হাছিনাই। বাংলাদেশ চৰকাৰে এই সন্দৰ্ভত ভাৰত চৰকাৰলৈ পত্ৰও লিখিছে। বাংলাদেশ চৰকাৰে অনাগত দিনত ইন্টাৰপলৰ সহায়ো লাভ কৰিব। এই বিষয়টো আন্তঃৰাষ্ট্ৰীয় মঞ্চত উত্থাপন কৰিবলৈও সাজু হৈছে বাংলাদেশ।
