নচলে বুলডজাৰ ন্যায়! ‘উগ্ৰপন্থী’ মুজাম্মিল-শ্বাহিনৰ ‘গুৰু’লৈ আদালতৰ সকাহ
মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে প্ৰশাসনৰ এক সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰি ছিদ্দিকীক সাময়িক সকাহ প্ৰদান কৰিছে। পিছে আদালতৰ পৰা কি বিষয়ত সকাহ লাভ কৰিছে আল-ফলাহ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক জৱাদ আহমেদ ছিদ্দিকীয়ে? এই বিষয়ে বিতংকৈ জানিবলৈ চাওক ভিডিঅ’।
দিল্লীৰ লালকিল্লাৰ সমীপত সংঘটিত হোৱা চাঞ্চল্যকৰ বিস্ফোৰণ কাণ্ডৰ পিছৰে পৰা সংবাদ শিৰোনাম দখল কৰিছে হাৰিয়ানাৰ ফৰিদাবাদস্থিত আল-ফলাহ বিশ্ববিদ্যালয়ে। এই বিস্ফোৰণৰ আত্মঘাতী বোমাৰুৰ লগতে ফৰিদাবাদত বৃহৎ বিস্ফোৰক উদ্ধাৰৰ ঘটনাৰ গোচৰত ধৃত অভিযুক্তৰ সৈতেও বিশ্ববিদ্যালয়খনৰ সংযোগ উদ্ধাৰ কৰিছে তদন্তকাৰী সংস্থাই। ইয়াৰ পিছতে বিশ্ববিদ্যালয়খনত চলোৱা হয় অভিযান। ইফালে নাকে (NAC)ও ইতিমধ্যে বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে।
এনে বিতৰ্কৰ মাজতে বিশ্ববিদ্যালয়খনৰ প্ৰতিষ্ঠাপক জৱাদ আহমেদ ছিদ্দিকীয়ে লাভ কৰিছে এক সাময়িক সকাহ। মধ্য প্ৰদেশ উচ্চ ন্যায়ালয়ে প্ৰশাসনৰ এক সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰি ছিদ্দিকীক সাময়িক সকাহ প্ৰদান কৰিছে। পিছে আদালতৰ পৰা কি বিষয়ত সকাহ লাভ কৰিছে আল-ফলাহ বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক জৱাদ আহমেদ ছিদ্দিকীয়ে? এই বিষয়ে বিতংকৈ জানিবলৈ চাওক ভিডিঅ’।
