পলাশবাৰীৰ বাগানত বিধানসভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ

Nov 15, 2025 | 6:13 PM

আজি পলাশবাৰী সমষ্টিৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰা হয় সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী। 

ৰাজ্যত ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছে বিধানসভা সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ। আজি পলাশবাৰী সমষ্টিৰ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰা হয় সমষ্টিভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰ। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী।  অনুষ্ঠানৰ আৰম্ভনিৰ পূৰ্বে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিধায়ক হেমাংগ ঠাকুৰীয়া আৰু উপস্থিত থকা বিষয়ববীয়াসকলে।

ইয়াৰ উপৰিও এই অনুষ্ঠানত উপস্থিত থাকে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, সমজিলা আয়ুক্ত ৰশ্মি বৰুৱা গগৈ , ৰাজহ চক্ৰ বিষয়া ড° অংকিতা শৰ্মা লগতে উপস্থিত থাকে চিকিৎসা বিষয়া, স্বাস্থ্যকৰ্মীসকল।