বিটিছিত কংগ্ৰেছৰ অস্তিত্ব আছেনে? কি কয় দুই বিধায়কে?

Sep 05, 2025 | 10:39 PM

কংগ্ৰেছ নেতাকেইজনৰ মতে, বিটিচি নিৰ্বাচনত এইবাৰ কংগ্ৰেছৰ গোটেই কেইখন আসনেই সুৰক্ষিত। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ এখনো আসন নাথাকিব বুলি কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে।

অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচন। এই নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বড়োভূমিত অব্যাহত আছে নিৰ্বাচনী কুচকাৱাজ। তাৰ মাজতে আজি হোটেল ৰেডিছন ব্লুত কংগ্ৰেছ দলৰ এক বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত কংগ্ৰেছৰ বহুকেইগৰাকী নেতা-পালিনেতা উপস্থিত থাকে। পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক আব্দুৰ ৰশিদ মণ্ডলৰ লগতে জাকিৰ হুছেইন শিকদাৰেও এই বৈঠকত অংশ লয়। কংগ্ৰেছ নেতাকেইগৰাকীয়ে আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ প্ৰদৰ্শনক লৈ সম্পূৰ্ণ আশাবাদী বুলি মন্তব্য কৰে।

কংগ্ৰেছ নেতাকেইজনৰ মতে, বিটিচি নিৰ্বাচনত এইবাৰ কংগ্ৰেছৰ গোটেই কেইখন আসনেই সুৰক্ষিত। ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচনত কংগ্ৰেছৰ এখনো আসন নাথাকিব বুলি কৰা মন্তব্যৰো প্ৰত্যুত্তৰ দিয়ে। বিজেপিৰ পদুমৰ ছবি ভালপোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে হাতৰ ছবিৰ ভাল হোৱা দেখিবই নোৱাৰে বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাকেইজনে।