অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ বাক-যুদ্ধত উত্তাল বিধানসভা, অখিলৰ বিৰুদ্ধে হত্যাৰ অভিযোগ মুখ্যমন্ত্ৰীৰ
অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ তীব্ৰ বাক-যুদ্ধত বিধানসভাত স্থান পায় প্ৰণৱ বড়োৰ প্ৰসংগ। প্ৰণৱ বড়োক কোনে হত্যা কৰিলে সেই সন্দৰ্ভটো সদনত অখিল গগৈক প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, 'জনজাতীয় প্ৰণৱ বড়োক আপুনি হত্যা কৰিছিল। চাহ শ্ৰমিকক মাটি দিয়াটো ভাল পোৱা নাই আপুনি।'
চাহ জনগোষ্ঠীৰ লোকে আজিৰে পৰা পাব ভূমিৰ অধিকাৰ। সদনত গৃহীত হ’ব ভূমি পট্টা বিধেয়ক। এই সন্দৰ্ভত আজি উত্তাল হৈ পৰে সদন। সদনত ঐতিহাসিক বিধেয়ক উত্থাপনৰ সময়ত মুখ্যমন্ত্ৰীৰ ভাষণত বাৰে বাৰে বাধা অখিল গগৈৰ। মাটিৰ অখিল গগৈয়ে চাহ শ্ৰমিকক মাটি দিয়াটো ভাল পোৱা নাই বুলি কয় মুখ্যমন্ত্ৰীয়ে। অখিল গগৈক চাহ শ্ৰমিক বিৰোধী আখ্যা দিয়ে মুখ্যমন্ত্ৰীয়ে।
অখিল গগৈ আৰু মুখ্যমন্ত্ৰীৰ তীব্ৰ বাক-যুদ্ধত বিধানসভাত স্থান পায় প্ৰণৱ বড়োৰ প্ৰসংগ। প্ৰণৱ বড়োক কোনে হত্যা কৰিলে সেই সন্দৰ্ভটো সদনত অখিল গগৈক প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কয়, ‘জনজাতীয় প্ৰণৱ বড়োক আপুনি হত্যা কৰিছিল। চাহ শ্ৰমিকক মাটি দিয়াটো ভাল পোৱা নাই আপুনি।’
