শীঘ্ৰেই অসমত নিষিদ্ধ হ’ব পাৰে বীৰ লাচিত সেনা!

Oct 27, 2025 | 3:20 PM

সংগঠনটোৱে অসমৰ পৰিৱেশ নষ্ট কৰিছে বুলি দাবী কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনাই ব্যৱসায়ীসকলক যথেষ্ট অত্যাচাৰ কৰা বুলিও উল্লেখ কৰিছে। বীৰ লাচিত সেনাই যোৱা দুমাহত অসমত ব্যৱসায়ৰ পৰিৱেশ একেবাৰে নষ্ট কৰি দিছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়।

বীৰ লাচিত সেনা সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে লাচিত সেনাৰ শেহতীয়া কাৰ্যকলাপ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয়, “লাচিত সেনাৰ কাৰ্য-কলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্য-কলাপক আমি গভীৰ উদ্বেগৰ সৈতে লক্ষ্য কৰি আছো।” আলফা(স্বাধীন)-ৰ দৰে বীৰ লাচিত সেনাকো হয়তো নিষিদ্ধ কৰিবলগা এটা দিন আহিব পাৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।