ছলমান খানৰ ছবিক লৈ চীনত হাহাকাৰ! টিজাৰ মুকলিৰ পিছতে…

Dec 31, 2025 | 9:23 PM

গ্ল’বেল টাইমছত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, ‘তথ্য বিকৃত কৰাৰ বাবে বিতৰ্কিত বলীউডৰ ছবি বেটল অৱ গালৱানৰ দৰে কোনো অতিৰঞ্জিত নাটকেই কোনো দেশৰ পবিত্ৰ ভূখণ্ডক প্ৰভাৱিত কৰিব নোৱাৰে’। চীনৰ বিশেষজ্ঞৰ উদ্ধৃতি দি প্ৰতিবেদনত দাবী কৰা হৈছে যে ছলমান খানে অভিনীত ছবিখনত দেখুওৱা ঘটনাসমূহ বাস্তৱৰ সৈতে মিল নাই।

চীনৰ মাটিত ছলমান খানৰ নিন্দা! ভাইজানৰ লগত কি নতুন?

‘বেটল অৱ গালৱান’ ছবিখনৰ টিজাৰ মুক্তি পোৱাৰ তিনিদিন পিছত চীনৰ সংবাদ মাধ্যম ‘গ্ল’বেল টাইমছ’ই এই বলীউড প্ৰজেক্টটোক লৈ এক বিৰূপ মন্তব্য প্ৰকাশ কৰিছে । বেইজিঙৰ চৰকাৰী মুখপত্ৰ হিচাপে পৰিচিত এই কাকতখনত প্ৰকাশিত এক প্ৰতিবেদনত ২০২০ চনৰ জুন মাহত গালৱান উপত্যকাৰ ঘটনাক ছবিখনত ‘বিকৃত’ ৰূপ দিয়া বুলি দাবী কৰা হৈছে। আনকি চীনৰ ছ’চিয়েল মিডিয়াত নেটিজেনে ছলমান আৰু এই নতুন ছবিখনক নিন্দা কৰা বুলিও জানিব পৰা গৈছে।