গুৱাহাটীত গ্ৰেপ্তাৰ আৰক্ষীৰ বেশ লৈ চুৰিকাণ্ডত লিপ্ত ইনামুল হক, সঞ্জয় দাস আৰু প্ৰজ্ঞান নাৰ্জাৰীক
নিহত চোৰ তিনিটাক ইনামুল হক, সঞ্জয় দাস আৰু প্ৰজ্ঞান নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে। যোৱা ৫ নৱেম্বৰত এই তিনি দুৰ্বৃত্তই নতুনপাৰা এপাৰ্টমেন্ট এটাত আৰক্ষীৰ বেশত চুৰিকাণ্ড সংঘটিত কৰিছিল। সম্প্ৰতি তিনিও চোৰক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে বঙাইগাঁও আৰক্ষীয়ে।
গুৱাহাটী মহানগৰীত গ্ৰেপ্তাৰ হৈছে তিনিটা চোৰ। আৰক্ষীৰ বেশ লৈ এই তিনি চোৰে দীৰ্ঘদিন কৰি আহিছিল চুৰিকাণ্ড। বঙাইগাঁও আৰক্ষীয়ে এক অভিযান চলাই দিছপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই চোৰ ৩ জনক। আৰক্ষীয়ে ধৃত এই তিনিটা চোৰৰ পৰা আৰক্ষীৰ পোছাকো উদ্ধাৰ কৰিছে। লগতে তিনি জাঁই সজীৱ গুলী, ৭ডাল সোণৰ চেইন, ৯ টা মোবাইল, ৬ টা আঙুঠি, ২টা ৰূপৰ মুদ্ৰা আৰু নগদ ৯৮ হাজাৰ টকা উদ্ধাৰ হৈছে এই তিনি চোৰৰ কবলৰ পৰা। নিহত চোৰ তিনিটাক ইনামুল হক, সঞ্জয় দাস আৰু প্ৰজ্ঞান নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে।
যোৱা ৫ নৱেম্বৰত এই তিনি দুৰ্বৃত্তই নতুনপাৰা এপাৰ্টমেন্ট এটাত আৰক্ষীৰ বেশত চুৰিকাণ্ড সংঘটিত কৰিছিল। সম্প্ৰতি তিনিও চোৰক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে বঙাইগাঁও আৰক্ষীয়ে।
