ফিক্সড ডিপ’জিটৰ এনে লাভজনক অথচ সুৰক্ষিত টিপছৰ বিষয়ে জানেনে আপুনি?
সৰু সৰু কেইবাটাও FD থাকিলে জৰুৰীকালীন অৱস্থাত গোটেই ধনখিনি নোতোলাকৈ কেৱল প্ৰয়োজনীয় অংশটো উলিয়াই ল'ব পাৰি। ইয়াৰ ফলত আপুনি সুদৰ লোকচান আৰু বেংকৰ জৰিমনাৰ পৰা ৰক্ষা পৰে।
বেংকত জমা থকা আপোনাৰ কষ্টোপাৰ্জিত ধন সুৰক্ষিত আৰু লাভজনক কৰি ৰাখিবলৈ বিশেষজ্ঞসকলে এটা ডাঙৰ ফিক্সড ডিপজিট (FD) কৰাতকৈ সৰু সৰু কেইবাটাও FD কৰাৰ পৰামৰ্শ দিয়ে। ইয়াৰ মুখ্য কাৰণ হ’ল বীমাৰ সুৰক্ষা; কাৰণ DICGC-ৰ নিয়মমতে এটা বেংকত মাত্ৰ ৫ লাখ টকালৈহে আমানত সুৰক্ষিত থাকে। গতিকে অধিক ধন এটা বেংকতে আবদ্ধ নাৰাখি বিভিন্ন বেংকত ভাগ কৰি ৰখিলে আপোনাৰ মূলধন হেৰুৱাৰ ভয় নাথাকে।
দ্বিতীয়তে, সৰু সৰু কেইবাটাও FD থাকিলে জৰুৰীকালীন অৱস্থাত গোটেই ধনখিনি নোতোলাকৈ কেৱল প্ৰয়োজনীয় অংশটো উলিয়াই ল’ব পাৰি। ইয়াৰ ফলত আপুনি সুদৰ লোকচান আৰু বেংকৰ জৰিমনাৰ পৰা ৰক্ষা পৰে। তদুপৰি, বজাৰত সুদৰ হাৰ বৃদ্ধি পালে আপুনি সহজেই নতুন আৰু অধিক সুদ থকা আঁচনিত ধন বিনিয়োগ কৰাৰ সুযোগ পায়।
