‘চয়তান’ বিচাৰি বাংলাদেশ চৰকাৰে চলাইছে ‘অপাৰেচন ডেভিল হাণ্ট’, ১৩০০ ৰো অধিক লোকক আটক…

| Feb 10, 2025 | 10:04 PM

বাংলাদেশত আৰম্ভ কৰা হৈছে 'অপাৰেচন ডেভিল হাণ্ট' । এই অভিযানৰ অধীনত বাংলাদেশৰ নিৰাপত্তা বাহিনীয়ে এই পৰ্যন্ত ১৩০৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

বাংলাদেশৰ গাজীপুৰত ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ জনতাৰ ওপৰত সংঘটিত আক্ৰমণৰ পিছতে সমগ্ৰ দেশখনতে আৰম্ভ কৰা হৈছে ‘অপাৰেচন ডেভিল হাণ্ট’ । এই অভিযানৰ অধীনত বাংলাদেশৰ নিৰাপত্তা বাহিনীয়ে এই পৰ্যন্ত ১৩০৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে। একে সময়তে দেশখনৰ বাবে ‘সকলো অশুভ উপাদান’ আঁতৰাই নিদিয়ালৈকে প্ৰশাসনে এই অভিযান অব্যাহত ৰাখিব বুলি মন্তব্য প্ৰকাশ কৰিছে মহম্মদ ইউনুছে।