MD Yunus, Bangladesh: ব্যৱসায়িক দৃষ্টিৰে বুজালে বাংলাদেশৰ অধিকাৰ কি? বংগোপসাগৰকলৈ পুনৰ সৰৱ ইউনুছ…

| Aug 09, 2025 | 9:52 PM

দেশখনৰ ভাঙি যোৱা অৰ্থনীতিক জোৰা লগাবলৈ বংগোপসাগৰৰ বাণিজ্যিক সম্ভাৱনীয়তাক গুৰুত্ব দি আহিছে ইউনুছে। সেইবাবেই মহম্মদ ইউনুছে হয়তো আকৌ এবাৰ বংগোপসাগৰৰ এটা অংশ বাংলাদেশৰ বুলি দাবী কৰিছে। যিটো অংশক কেতিয়াও গুৰুত্ব দিয়া হোৱা নাই।

বংগোপসাগৰৰ পৰা দৃষ্টি আঁতৰাব পৰা নাই বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে। দেশখনৰ ভাঙি যোৱা অৰ্থনীতিক জোৰা লগাবলৈ বংগোপসাগৰৰ বাণিজ্যিক সম্ভাৱনীয়তাক গুৰুত্ব দি আহিছে ইউনুছে। সেইবাবেই মহম্মদ ইউনুছে হয়তো আকৌ এবাৰ বংগোপসাগৰৰ এটা অংশ বাংলাদেশৰ বুলি দাবী কৰিছে। যিটো অংশক কেতিয়াও গুৰুত্ব দিয়া হোৱা নাই।

ইউনুছৰ এই মন্তব্য পাছতে পুনৰ বংগোপসাগৰৰ প্ৰসংগই চৰ্চা লাভ কৰিছে ভাৰতত। “বংগোপসাগৰৰ এটা অংশ আমাৰ দেশৰ…”, দেশখনৰ গণ অভ্যুত্থানৰ বৰ্ষপূৰ্তিৰ উপলক্ষে এই মন্তব্য প্ৰকাশ কৰে বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে ।

দেশবাসীৰ সন্মুখত বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টাগৰাকীয়ে দাবী কৰে, “বংগ উপসাগৰৰ এটা অংশ আমাৰ দেশৰ বুলি আমি প্ৰায়ে পাহৰি যাওঁ। যাৰ আকাৰ আমাৰ দেশৰ মুঠ মাটিকালিতকৈ বহু বেছি। কিন্তু আমি ব্যৱসায়িক কামত সদায় দেশৰ মাটি সৰ্বাধিক ব্যৱহাৰ কৰো। বংগ উপসাগৰৰ সেই অংশটোক কেতিয়াও দিয়া নাই কোনো গুৰুত্ব ।”