বাংলাদেশ সাধাৰণ নিৰ্বাচনৰ পাছতে বিপদ বাঢ়িব নেকি ভাৰতৰ?
Bangladesh Update: বৰ্তমান বাংলাদেশ আৰু ভাৰতৰ মাজৰ সম্পৰ্ক বিশেষ ভাল নহয়। অহা ফেব্ৰুৱাৰী মাহত বাংলাদেশত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ পাছত দেশখনৰ সৈতে ভাৰতৰ সম্পৰ্ক আৰু বেয়া হোৱাৰ আশংকা কৰা হৈছে।
শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পাছতে ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্পৰ্ক বেয়া হৈ গৈছে। বাংলাদেশে মুকলিকৈ ভাৰত বিৰোধী মন্তব্য কৰি আহিছে। ইয়াৰ মাজতে অহা ফেব্ৰুৱাৰী মাহত বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। কিন্তু এইবাৰ যাৰেই চৰকাৰ গঠন নহওক কিয় এইবাৰ ভাৰতৰ বাবে বিপদ বৃদ্ধি হ’ব পাৰে। এই মন্তব্য আৱামী লিগৰ প্ৰাক্তন মন্ত্ৰীৰ। দিল্লীত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে আৱামী লীগৰ প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।
প্ৰায় ১৭ মাহ পাছত দিল্লীত সংবাদমেল সম্বোধন কৰে আৱামী লীগৰ নেতাগৰাকীয়ে। উল্লেখ্য যে, এইবাৰ আৱামী লীগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নোৱাৰে। বাংলাদেশত নিষেধাজ্ঞা আৰোপ কৰা হৈছে দলটোৰ ওপৰত।
সবিশেষ জানিবলৈ চাওক এই ভিডিঅ’…
