ন-কংগ্ৰেছী ৰেজাউল কৰিম সৰকাৰৰ মন্তব্যৰ প্ৰতিক্ৰিয়া মন্ত্ৰী অতুল বৰাৰ

Jan 13, 2026 | 5:16 PM

ৰেজাউল কৰিম সৰকাৰে ধুবুৰীক শিৱসাগৰক ধুবুৰী বনাব বুলি কৰা মন্তব্যৰ পাছতে বিভিন্নজনে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। চলি থকা বিতৰ্কৰ মাজতে এতিয়া বিষয়টোত লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী অতুল বৰাই।

কংগ্ৰেছত যোগদান কৰিয়ে বিতৰ্কিত মন্তব্য আমছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰেজাউল কৰিম সৰকাৰৰ। ইয়াৰ পাছতে সৰকাৰৰ এই মন্তব্যক লৈ সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সৰকাৰে ধুবুৰীক শিৱসাগৰক ধুবুৰী বনাব বুলি কৰা মন্তব্যৰ পাছতে বিভিন্নজনে ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। চলি থকা বিতৰ্কৰ মাজতে এতিয়া বিষয়টোত লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী অতুল বৰাই।

তেওঁ কয়, “ৰেজাউল কৰিম অৰাজনৈতিক দলত আছিল। তেওঁ পূৰ্বেও খিলঞ্জীয়াৰ স্বাৰ্থবিৰোধী কথা কৈ আছিল। এতিয়া কংগ্ৰেছত যোগদান কৰি বেছি সাহস পাইছে। শিৱসাগৰক ধুবুৰী বনাব বুলি কোৱা মন্তব্য অত্যন্ত নিন্দনীয়। ” তেনে চিন্তাৰ পৰা ভৱিষ্যতে আঁতৰি থাকিবলৈ সকিয়নী প্ৰদান কৰে অতুল বৰাই। এনে মন্তব্যই খিলঞ্জীয়াৰ মাজত সংঘাতৰ সৃষ্টি কৰিব বুলি উল্লেখ কৰে।