ATM ৰ পৰা ধন উলিওৱাৰ সময়ত সাৱধান! হ’ব পাৰে লোকচান…
ATM Fraud: আজিকালি সহজ উপায়েৰে টকা ঘটিবলৈ বিভিন্নজনে বিভিন্ন পদ্ধতি অৱলম্বন কৰে। আজিকালি এটিএমতো চুৰি কাণ্ড সংঘটিত হয়। গতিকে এই ক্ষেত্ৰত কিছু সাৱধান হোৱা ভাল।
কেতিয়াবা ATM ত গ’লে পিন দিয়াৰ পাছত টকা ওলোৱাৰ শব্দ হয় কিন্তু টকা ওলাই নাহে! এনে অৱস্থাত বহুতে কাৰ্ডখন উলিয়াই এটিএমৰ পৰা গুচি আহে। ভাবে যে টকা নাই বা মেছিনৰ কিবা সমস্যা হৈছে কেতিয়াবা আপোনাৰ লগতো এনে হৈছে নেকি? যদি হৈছে তেন্তে সাৱধান। কিয়নো ইয়ে বিপদত পেলাব পাৰে আপোনাক। হ’ব পাৰে প্ৰৱঞ্চকৰ নতুন জাল। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে য’ত এজন লোকে ATM ত চুৰি কৰাৰ পৰিকল্পনা কৰিছিল। তেওঁ এই ক্ষেত্ৰত কিছু পৰিমাণে সফলো হৈছিল।
আজিকালি সহজ উপায়েৰে ধন ঘটিবলৈ বহুতে বহু পৰিকল্পনা কৰে। শেহতীয়াকৈ এটিএমত চুৰিকাণ্ডৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, অভিযুক্তই এটিএমৰ কেচ ট্ৰেত এটা লোৰ টুকুৰা ভৰাই থৈছিল। যাৰ ফলত টকাখিনি সেই ট্ৰেখনত আৱদ্ধ হৈ পৰিছিল। এনে অৱস্থাত গ্ৰাহকে মেছিনৰ সমস্যা হোৱা বুলি এটিএমৰ পৰা কাৰ্ডখন উলিয়াই লৈ যায়। পাছত সেই টকা প্ৰৱঞ্চকজনে চুৰি কৰে।
সবিশেষৰ বাবে চাওক ভিডিঅ’…
