Gautam Adani’s son’s wedding: পুত্ৰৰ বিবাহ উপলক্ষে আদানীয়ে কৰিলে এই বিশেষ কাম!
গৌতম আদানীৰ পুত্ৰ জিত আদানীৰ বিয়াৰ ব্যৱস্থাক লৈ চলিছিল বহু জল্পনা-কল্পনা। বিয়াখনত কিমান জাক-জমকতা থাকিব, তাকে লৈ প্ৰকাশ পাইছিল বহু খবৰ। কিন্তু ২১ জানুৱাৰীত মহাকুম্ভলৈ যোৱাৰ সময় গৌতম আদানীয়ে জনাইছিল যে তেওঁ নিজৰ পুত্ৰৰ বিয়া সাধাৰণ আৰু পৰম্পৰা অনুসৰি হ’ব।
গৌতম আদানীৰ পুত্ৰৰ বিয়াক লৈ চলিছিল বহু জল্পনা-কল্পনা। কিন্তু যোৱা মাহত মেলাত আদানীয়ে কৈছিল যে তেওঁৰ পুত্ৰৰ বিবাহ সাধাৰণভাৱে আৰু পৰম্পৰাগতভাৱে অনুষ্ঠিত হ’ব। কেৱল সেয়াই নহয়, পুত্ৰৰ বিয়াত তেওঁ সাধাৰণ মানুহৰ কল্যাণৰ বাবে ১০ হাজাৰ কোটি টকা আগবঢ়ায়। জানিব পৰা মতে পুত্ৰত বিবাহ উপলক্ষে আদানীয়ে আগবঢ়োৱা ১০ হাজাৰ কোটি টকাৰ অধিকাংশই স্বাস্থ্য আন্তঃগাঁথনি, শিক্ষা আৰু দক্ষতা বিকাশৰ কামত ব্যৱহাৰ কৰা হ’ব।
গৌতম আদানীৰ পুত্ৰ জিত আদানীৰ বিয়াৰ ব্যৱস্থাক লৈ চলিছিল বহু জল্পনা-কল্পনা। বিয়াখনত কিমান জাক-জমকতা থাকিব, তাকে লৈ প্ৰকাশ পাইছিল বহু খবৰ। কিন্তু ২১ জানুৱাৰীত মহাকুম্ভলৈ যোৱাৰ সময় গৌতম আদানীয়ে জনাইছিল যে তেওঁ নিজৰ পুত্ৰৰ বিয়া সাধাৰণ আৰু পৰম্পৰা অনুসৰি হ’ব। তেওঁ কয়, “আমি সাধাৰণ মানুহৰ দৰে। মা গংগাৰ আশীৰ্বাদ বিচাৰি জিত মহাকুম্ভলৈ আহিছে। তেওঁ পৰম্পৰা অনুসৰি আৰু সাধাৰণভাৱে বিয়া পাতিব।”
