চাহ শ্ৰমিকৰ ভূমি অধিকাৰৰ পৰা প্ৰেৰণা আঁচনিলৈ, দিনটোৰ শীৰ্ষ খবৰ

Nov 28, 2025 | 8:20 PM

আজি কেইবাটাও খবৰে শিৰোনাম দখল কৰিছে। চাহ শ্ৰমিকৰ মাটিৰ পট্টাৰ পৰা আৰম্ভ কৰি প্ৰেৰণা আঁচনিলৈ চাওঁ আহক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

চাহ জনগোষ্ঠীৰ লোকে আজিৰে পৰা পাব ভূমিৰ অধিকাৰ। বিধানসভাত ভূমি পট্টা বিধেয়কক লৈ আলোচনা । ইফালে,অসম চৰকাৰৰ কেবিনটে চাহ শ্ৰমিক সকলক মাটিৰ পট্টা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰাকলৈ উৎফুল্লিত চাহ বাগিছাৰ শ্ৰমিক সকল ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে প্ৰেৰণা আঁচনি (Prerona scheme )। এই আঁচনিৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলে মাহে পাব ৩০০ টকাকৈ । ইয়াৰ অধীনত ৰাজ্যৰ প্ৰায় ৪ লাখৰো অধিক পৰীক্ষাৰ্থী উপকৃত হ’ব বুলি আশা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।

চাৰি বছৰৰ মূৰত ভাৰত ভ্ৰমণ কৰিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। অহা ৪ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ ভাৰত ভ্ৰমণৰ কাৰ্যসূচী হৈছে পুটিনে। এই সময়ছোৱাত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বিভিন্ন বিষয়ত আলোচনাত মিলিত হ’ব । লগতে অংশগ্ৰহণ কৰিব ভাৰত-ৰাছিয়াৰ বাৰ্ষিক সন্মিলনত।

চাওক দিনটোৰ শীৰ্ষ খবৰ