Assam News: ভোগালীৰ উছাহৰ পৰা ৰেজাউল কৰিমৰ কংগ্ৰেছ ত্যাগলৈ দিনটোৰ শীর্ষ খবৰ

| Jan 14, 2026 | 11:43 PM

আজি কাৰ্বি আংলঙত মহিলাৰ মাজত মুখ্য়মন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাং। কাৰ্বি আংলঙৰ পৰাই সকলোকে ভোগালী শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে।

১. আজি হেঁপাহৰ ভোগালী বিহু। কালি নিশা উৰুকাৰ ভোজ-ভাত খোৱাৰ অন্তত আজি পুৱাই মেজি প্ৰজ্বলন কৰি অগ্নি দেৱতাক সেৱা জনালে অসমীয়াই। পৰম্পৰা অনুসৰি বিভিন্ন ঠাইত অনুষ্ঠিত কৰা হয় থলুৱা খেল-ধেমালিৰো।

২. বিতৰ্কৰ অৱসান ঘটায় আজি কংগ্ৰেছ ত্যাগ কৰিলে ৰেজাউল কৰিম সৰকাৰে। কংগ্ৰেছত যোগ দিয়াৰ তিনিদিন পিছতে দল ত্যাগ কৰিলে নেতাগৰাকীয়ে। ধুবুৰী-শিৱসাগৰ সন্দৰ্ভত কৰা এক মন্তব্যক লৈ সৃষ্টি হৈছিল বিতৰ্ক। তাৰ পাছতেই ৰেজাউলৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে বিভিন্নজনে। তাৰ মাজতেই আজি তেওঁ কংগ্ৰেছ ত্যাগ কৰে।

৩. জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ কৰ’নাৰ্ছ আদালতত শুনানি। আদালতত তদন্তকাৰী বিষয়াই জনোৱা মতে, অতিমাত্ৰা সুৰাপান কৰি পানীত নামিছিল জুবিন গাৰ্গ। পিন্ধা নাছিল কোনো লাইফ জেকেট। যাৰ বাবে সাঁতুৰি থকাৰ সময়তে জুবিন গাৰ্গ অসুস্থ হৈ পৰে আৰু পাছত তেওঁৰ মৃত্যু ঘটে।

৪. আজি কাৰ্বি আংলঙত মহিলাৰ মাজত মুখ্য়মন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে হিমন্ত বিশ্ব শৰ্মাই। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাং। কাৰ্বি আংলঙৰ পৰাই সকলোকে ভোগালী শুভেচ্ছা জনালে মুখ্যমন্ত্ৰীয়ে।

৫. টীয়ক বামুণপুখুৰীত পুৱতি নিশা শোকাৱহ পথ দুৰ্ঘটনা। পথৰ কাষত গাহৰি বিক্ৰী কৰিবলৈ ঠাই চাফা কৰি থকা অৱস্থাত এখন তীব্ৰবেগী স্কৰপ্ৰিঅ’ বাহনে মহতিয়াই নিয়ে কেবাজনো লোকক। এই ঘটনাত দুজন লোক নিহত হোৱাৰ লগতে আহত হয় আন তিনিজন লোক। মৃত দুজন অভিজিত ফুকন আৰু অমৃত গগৈ।