আলফা(স্বা)ৰ শিবিৰত আক্ৰমণৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়ালৈ, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ…

Jul 13, 2025 | 10:45 PM

ৰাজ্যৰ পৰা বিশ্বলৈ প্ৰতিটো দিনত বিভিন্ন ধৰণ ঘটনা সংঘটিত হয়। আজিৰ দিনটোত চৰ্চা লাভ কৰি আছে আলফ(স্বা)ৰ শিবিৰত কৰা আক্ৰমণৰ বিষয়টো।

  1. ম্যানমাৰস্থিত আলফা (স্বা)ৰ শিবিৰত ভয়ংকৰ ড্ৰ’ণ আৰু মিছাইল আক্ৰমণ। ১৩ জুলাইত এক প্ৰেছ বিবৃতিযোগে আলফা (স্বা)য়ে দাবী কৰা অনুসৰি নিশাৰ ভাগত ১০০ ৰো অধিক ড্ৰ’ণেৰে ভাৰতীয় সেনাই আক্ৰমণ কৰিছে।
  2. আলফা (স্বা)ৰ শিবিৰত কৰা আক্ৰমণত জড়িত নহয় অসম আৰক্ষীয়। এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে, অসমৰ ভূমিৰ পৰা কোনো আক্ৰমণ হোৱা নাই।
  3. আক্ৰমণৰ পাছতে প্ৰতিশোধ লোৱাৰ হুংকাৰ আলফা (স্বা)ৰ। এক প্ৰেছ বিবৃতিযোগে আলফা (স্বা)য়ে জনাই যে ভাৰতীয় সেনাই ড্ৰণৰ পাছতে মিছাইলেৰে আক্ৰমণ কৰে।
  4. অৰ্চিতা ফুকনৰ সকলো ফটো, ভিডিঅ মিছা। ঘটনা সন্দৰ্ভত এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
  5. ৰাজ্যসভালৈ মনোনীত বিশিষ্ট অধিবক্তা উজ্জ্বল দেৱৰাও নিকম, প্ৰাক্তন বিদেশ সচিব হৰ্ষবৰ্ধন শৃংগলা,বিশিষ্ট ইতিহাসবিদ মীনাক্ষী জৈন আৰু কেৰেলাৰ জ্যেষ্ঠ সমাজকৰ্মী তথা শিক্ষাবিদ চি.সদানন্দ মাষ্টৰ।