ডিব্ৰুগড় কাণ্ডৰ পৰা আমেৰিকাত ভাৰতীয়ৰ মৃত্যুলৈ, দিনটোৰ খবৰসমূহ…
আজিৰ দিনটোত বিশ্বৰ বিভিন্ন প্ৰান্তত বহু ঘটনা সংঘটিত হয়। অসমত আজি কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহত সভা অনুষ্ঠিত হয়। এনে কেইটামান গুৰুত্বপূৰ্ণ ঘটনা তলত উল্লেখ কৰা হ'ল।
1. ইণ্ডিগ’ বিমানত আক্ৰমণৰ বলি হোৱা অসমৰ লোকজনক উদ্ধাৰ। ৰে’ল ষ্টেচনত উদ্ধাৰ কৰা হৈছে লোকজন।
2. ডিব্ৰুগড়ত ব্যৱসায়ীক হত্যা কৰাৰ অভিযোগত আটক ৪জন। আটক পত্নী-কন্যাসহ ২ ছুপাৰী কিলাৰ। ২৫ জুলাইত সংঘটিত হৈছিল হত্যাকাণ্ড। হত্যাৰ বলি হৈছিল উত্তম গগৈ।
3. আজি গুৱাহাটীৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত অনুষ্ঠিত হৈছে অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহ সভা। ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে এই বৈঠক গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে।
4. কংগ্ৰেছৰ নিলম্বিত বিধায়ক ছিদ্দিক আহমেদৰ সংবাদমেল। তেওঁ নিৰ্বাচনৰ পূৰ্বে অগপত যোগদান কৰিব বুলি কয়।
5. জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদী বিৰোধী অভিযান
6. উত্তৰ প্ৰদেশৰ গোণ্ডাত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। যত ১১ জন লোকৰ মৃত্যু হয়।
7. বন্ধ হ’ব ডাকঘৰৰ পঞ্জীয়নভুক্ত ডাকসেৱা।
8. আমেৰিকাত মৃত্যু ৪ ভাৰতীয়ৰ।
9. পুনৰ ডাঙৰ ভূমিকম্পই জোকাৰি গ’ল ৰাছিয়া।