ৰাজ্যৰ পৰা বিশ্বলৈ, দিনটোৰ ৯টা গুৰুত্বপূৰ্ণ খবৰ…
হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ। ডাৱৰ বিস্ফোৰণৰ ফলত হিমাচল প্ৰদেশত বানৰ ধ্বংসলীলা। মাণ্ডীত এইপৰ্যন্ত ১০ গৰাকীকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
১)অসমত কোনোৱে উলংঘা কৰিব নোৱাৰিব গো সুৰক্ষা আইন। আইন উলংঘা কৰি হোটেল বা ৰেষ্টুৰেণ্টত বিক্ৰী কৰিব নোৱাৰিব গো-মাংস। এই ক্ষেত্ৰত কঠোৰ হৈছে অসম আৰক্ষী। প্ৰায় ১৩৩ জনক আটক।
২)চিকিৎসালয়ত উপস্থিত হৈ আচৰিত মন্ত্ৰী অতুল বৰা। মঙলবাৰে নিশা হঠাৎ বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হয় বৰা। এটাৰ পাছত আনটো বিভাগ কৰে পৰিদৰ্শন তেওঁ।
৩)কৰ ফাঁকিৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম কৰ বিভাগ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তীব্ৰতৰ কৰি তুলিছে অভিযান। জুন মাহত ৪৩ টা অভিযান চলিছে, য’ত ৩৩ কোটি কৰ ফাঁকি ধৰা পৰিছে।
৪)আজিৰে পৰা আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণ। ৫ খন দেশ ভ্ৰমণ কৰিব মোদীয়ে। প্ৰথমে মোদীয়ে ঘানা ভ্ৰমণ কৰিব।
৫)হিমাচলত প্ৰকৃতিৰ তাণ্ডৱ। ডাৱৰ বিস্ফোৰণৰ ফলত হিমাচল প্ৰদেশত বানৰ ধ্বংসলীলা। মাণ্ডীত এইপৰ্যন্ত ১০ গৰাকীকৈ লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।