ৰাইজৰ দল হ’ব নেকি কংগ্ৰেছৰ বহিষ্কৃত বিধায়ক শ্বেৰমান আলীৰ নতুন ঘৰ

| Edited By: Barasha Sarma

Jul 20, 2025 | 10:14 PM

শেহতীয়াকৈ উচ্ছেদস্থলীত উচ্ছেদিতৰ কাষত থিয় দি অখিল গগৈয়ে যিধৰণেৰে তেওঁলোকৰ দুখৰ সমভাগী হৈছে, সেই কাৰ্যক প্ৰশংসা কৰিছে শ্বেৰমান আলীয়ে। তেওঁ কয় যে অখিল গগৈ হৈছে মানৱীয়তা থকা মানুহ।

শীঘ্ৰেই অন্য এটা ৰাজনৈতিক দলত যোগদান কৰিব বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে। দলীয় নৈতিকতা ভংগৰ অভিযোগত দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ পৰা বহিষ্কাৰ হৈ থকা শ্বেৰমান আলীয়ে যোগ দিব পাৰে অখিল গগৈৰ ৰাইজৰ দলত। ইতিমধ্যে নেতাগৰাকীৰ ভাৱ-ভাষাৰ পৰাই এই অনুমান কৰা হৈছে।

শেহতীয়াকৈ উচ্ছেদস্থলীত উচ্ছেদিতৰ কাষত থিয় দি অখিল গগৈয়ে যিধৰণেৰে তেওঁলোকৰ দুখৰ সমভাগী হৈছে, সেই কাৰ্যক প্ৰশংসা কৰিছে শ্বেৰমান আলীয়ে। তেওঁ কয় যে অখিল গগৈ হৈছে মানৱীয়তা থকা মানুহ।

ইফালে নিজৰ পূৰ্বৰ দল কংগ্ৰেছক সমালোচনা কৰি বিধায়কগৰাকীয়ে কয় যে, কংগ্ৰেছে উচ্ছেদিতৰ বাবে বিশেষ একোৱেই কৰা নাই। কংগ্ৰেছৰ এটাই লক্ষ্য গাদী দখল। যি দলত ৰাইজৰ বাবে কাম কৰাৰ সুযোগ লাভ কৰিব, সেই দলতেই যোগ দিব বুলি ক’লে ৰাইজৰ দলৰ কথা স্পষ্টকৈ উল্লেখ নকৰিলে বিধায়ক আলীয়ে।

আনহাতে, কংগ্ৰেছৰ সৈতে ৰাইজৰ দলৰ মিত্ৰতা সন্দৰ্ভত শ্বেৰমান আলীয়ে কয় যে, কংগ্ৰেছৰ সাৰুৱা ভূমি অৰ্থাৎ সংখ্যালঘু বসতি প্ৰধান অঞ্চল অখিল গগৈয়ে দখল কৰিব বুলি ভয়তে মিত্ৰতা চূড়ান্ত কৰা নাই কংগ্ৰেছে।