Mumbai Terror Threat: মুম্বাইত বিস্ফোৰণৰ ভাবুকিৰ পৰা কংগ্ৰেছৰ বৈঠকলৈ দিনটোৰ শীৰ্ষ খবৰ

Sep 05, 2025 | 11:25 PM

আজিৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰে। শিক্ষক দিৱসৰ পৰা মহিলা হকী এছিয়া কাপ ২০২৫ লৈকে পলকতে চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

আজি শিক্ষক দিৱস। দেশজুৰি শ্ৰদ্ধা জ্ঞাপন কৰা হয় ভাৰতৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণক। শিক্ষক দিৱসৰ দিনটোতে এক বিপৰীত ছবি দেখা গ’ল গুৱাহাটীৰ লতাশিত। নিজৰ ছাত্ৰ-ছাত্ৰীৰ পৰা সেৱা গ্ৰহণৰ বিপৰীতে প্ৰতিবাদত বহিল কেইবা শতাধিক টিউটৰ। শিক্ষকৰ মৰ্যাদা প্ৰদানৰ দাবীৰে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে টিউটৰসকলে। দীৰ্ঘদিন ধৰি তেওঁলোকে উত্থাপন কৰি আহিছে এই দাবী।

গুৱাহাটীত ইণ্ডিয়া ব্লকৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডী। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অসমৰ সাংসদসকলক লগ কৰিবলৈ অসমলৈ আহিছে সুদৰ্শন ৰেড্ডী। মা কামাখ্যা আৰু ব্ৰহ্মপুত্ৰক সেৱা জনায় প্ৰাৰ্থীগৰাকীয়ে। এক সংবাদমেল সম্বোধন কৰি সাংসদসকলৰ পৰা সহায় বিচাৰে ৰেড্ডীয়ে। নিজৰ পূৰ্বৰ কৰ্মভূমিলৈ আহিবলৈ পাই আনন্দিত হোৱা বুলিও কয় বি সুদৰ্শন ৰেড্ডীয়ে।

লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ…