দুৰ্গাপূজাৰ মহাসপ্তমীৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তলৈকে, চাওক দিনটোৰ শীৰ্ষ খবৰ

Sep 29, 2025 | 11:41 PM

আজি মহাসপ্তমী। জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যবাসী ম্ৰিয়মাণ হৈ থকাৰ মাজতে যথা বিধি অনুসৰি উদযাপন কৰা হৈছে দুৰ্গাপূজা। ইয়াৰ লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ।

আজি মহাসপ্তমী। জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যবাসী ম্ৰিয়মাণ হৈ থকাৰ মাজতে যথা বিধি অনুসৰি উদযাপন কৰা হৈছে দুৰ্গাপূজা। মাৰ আশিস বিচাৰি ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজাস্থলী সমূহত। অৱশ্য়ে পূৰ্বৰ বৰ্ষৰ দৰে নাই পূজাৰ উছাহ। প্ৰতিখন দুৰ্গাপূজা মণ্ডপতেই জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে আয়োজক তথা উপস্থিত ভক্তসকলে।

আজি জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। শিল্পীগৰাকীৰ কাহিলীপাৰাৰ বাসগৃহত অসংখ্য গুণমুগ্ধই শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। তাৰ মাজতে স্বামীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী জনাইছে জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে। সেই পাৰ্টীত থকা সকলোকে তদন্তৰ আওঁতালৈ অনাৰ আহ্বান গৰিমা গাৰ্গৰ।

ছিংগাপুৰত গৈ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিব অসম আৰক্ষীয়ে। ইতিমধ্যে তদন্ত প্ৰক্ৰিয়াত সহায়ৰ বাবে ছিংগাপুৰ আৰক্ষীক অনুৰোধ চৰকাৰৰ। তাৰ মাজতেই ফেচবুকত পোষ্টযোগে শীঘ্ৰেই আহি আছোঁ বুলি জনাইছে শ্যামকানু মহন্তই।