সিদ্ধাৰ্থ-শ্যামকানুক চমনৰ পৰা মিগ-২১ ৰ অৱসৰলৈ দিনটোৰ শীৰ্ষ খবৰ

Sep 26, 2025 | 11:49 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। সিদ্ধাৰ্থ-শ্যামকানুক চমনৰ পৰা মিগ-২১ ৰ অৱসৰলৈ চাওক দিনটোৰ শীৰ্ষ খবৰ।

যোৰহাটত অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ। যোৰহাটৰ এক ৰাজহুৱা স্থানত ৰাইজে শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে তিনিদিনৰ বাবে ৰখা হ’ব শিল্পীগৰাকীৰ চিতাভস্ম। এই সন্দৰ্ভত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ৰূপজ্যোতি কুৰ্মী আৰু জিলা আয়ুক্তৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীৰ।

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খোৱা কোনো অভিযুক্তৰ হৈ ওকালতি নকৰে অসমৰ উকীল সমাজে। সদৌ অসম উকীল সন্থাই গ্ৰহণ কৰিছে এই পদক্ষেপ। অভিযুক্তক আইনী সমৰ্থন আগবঢ়ালে ঐতিহাসিক ভুল হ’ব বুলিও কয় সন্থাই। ইতিমধ্যে অগ্ৰিম জামিনৰ বাবে কেবাজনো উকীলৰ সৈতে শ্যামকানু মহন্তই যোগাযোগ কৰা বুলি চৰ্চা হৈছে।

জুবিন গাৰ্গৰ মৃত্যুৰ বিতৰ্কত নাম সাঙোৰ খোৱা শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মালৈ CID ৰ চমন। ১০ দিনৰ ভিতৰত হাজিৰ হোৱাৰ নিৰ্দেশ দুয়োকে। লগতে ছিংগাপুৰৰ ১১ গৰাকী প্ৰবাসী অসমীয়াকো চমন। নিৰ্দিষ্ট সময়ৰ ভিতৰত উপস্থিত নহ’লে লুক আউট নটিছ জাৰি কৰিব বুলি জনালে চি আই ডিয়ে।

চাওক দিনটোৰ শীৰ্ষ খবৰ…