Landslide, Lakshmi Puja: কেবিনেট বৈঠকৰ পৰা দাৰ্জিলিঙৰ প্ৰাকৃতিক দুৰ্যোগলৈ দিনটোৰ শীৰ্ষ খবৰ

Oct 06, 2025 | 10:55 PM

আজি ৬ অক্টোবৰ, সোমবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। কেবিনেট বৈঠকৰ পৰা দাৰ্জিলিঙৰ প্ৰাকৃতিক দুৰ্যোগলৈ পলকতে চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰ।

আজি ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা। ঘৰে ঘৰে আৰাধনা লক্ষ্মী দেৱীক। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজহুৱাভাৱেও আয়োজন কৰা হৈছে লক্ষ্মী পূজা। সকলোৱেই আৰ্থিক উন্নতিৰ বাবে প্ৰাৰ্থনা জনাইছে লক্ষ্মী দেৱীক।

আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউপিএছত অনুমোদনৰ পৰা অৰুণোদয় ৩ আৰু স্বাস্থ্য সেৱাৰ বাবে পুঁজি আৱণ্টনলৈকে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ অসম কেবিনেটৰ।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত ৰাখিছে চিআইডিয়ে। ছিংগাপুৰত শেষ মুহূৰ্তত জুবিন গাৰ্গৰ সৈতে উপস্থিত থকা এজন প্ৰৱাসী অসমীয়াই চিআইডিৰ সৈতে যোগাযোগ কৰা বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ নাম ৰূপকমল কলিতা।

ইয়াৰ লগতে চাওক দিনটো শীৰ্ষ খবৰ।