Kurnool Bus Fire LIVE: অন্ধ্ৰপ্ৰদেশৰ বাছ দুৰ্ঘটনাৰ পৰা জুবিন ক্ষেত্ৰৰ এছ অ’ পিলৈ দিনটোৰ শীৰ্ষ খবৰ

Oct 24, 2025 | 11:00 PM

ছিংগাপুৰত তদন্ত চলাই উভতি আহিল এছ আই টিৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তা। আজি শ্ৰীভূমিত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চাওক দিনটোৰ শীৰ্ষ খবৰ।

জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ছিংগাপুৰত তদন্ত চলাই উভতি আহিল এছ আই টিৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তা। আজি এক সংবাদমেলত তেওঁ কয় যে ছিংগাপুৰৰ কেবাটাও স্থানত তেওঁলোকে অভিযান চলায়। ছিংগাপুৰ আৰক্ষীকো তদন্ত খৰটকীয়া কৰিবলৈ অনুৰোধ জনাইছে এছ আই টিয়ে। গোচৰ সন্দৰ্ভত যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য পোৱা বুলিও তেওঁ সদৰী কৰে।

আজি শ্ৰীভূমিত মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুঠ ১৮,৭৪৫ গৰাকী মহিলাই চেকযোগে লাভ কৰে ১০ হাজাৰকৈ টকা। এই পুঁজিৰ সদ ব্যৱহাৰ কৰিবলৈ মহিলাসকলক আহ্বান মুখ্যমন্ত্ৰীৰ।

অৰুণাচলৰ ম্যানমাৰ সীমান্তত আটক আলফা স্বাধীনৰ লিংকমেন। চাৰিগৰাকী অসমৰ নাগৰিকৰ লগতে তিনিজন ম্যানমাৰৰ ব্যক্তিক আটক আৰক্ষীৰ। সংগঠনটোৰ বাবে ঔষধ আৰু যাৱতীয় খাদ্য সামগ্ৰী যোগান ধৰাৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে।

লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ…