Diwali 2025: দীপাৱলী উদযাপনৰ পৰা জুবিনৰ মৃত্যুৰ তদন্তলৈকে দিনটোৰ শীৰ্ষ খবৰ

| Oct 20, 2025 | 11:30 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি পোহৰৰ উৎসৱ দীপাৱলী,কালি পূজা । মাটিৰ চাকি-বন্তিৰে দোকান ভৰি পৰিছে যদিও পূৰ্বৰ তুলনাত ৰাজ্যত নাই দীপাৱলীৰ উছাহ। চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰ।

আজি পোহৰৰ উৎসৱ দীপাৱলী,কালি পূজা । মাটিৰ চাকি-বন্তিৰে দোকান ভৰি পৰিছে যদিও পূৰ্বৰ তুলনাত ৰাজ্যত নাই দীপাৱলীৰ উছাহ। জুবিন গাৰ্গৰ মৃত্যুত আজিও শোকাহত ৰাজ্যবাসী।

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে সোমবাৰে ছিংগাপুৰত উপস্থিত হয় অসম আৰক্ষীৰ দুগৰাকী উচ্চপদস্থ বিষয়া। তেওঁলোক হৈছে চি আই ডিৰ বিশেষ ডিজিপি মুন্না প্ৰসাদ গুপ্তা আৰু তিতাবৰৰ সহ-জিলা আৰক্ষী অধীক্ষক তৰুণ গোৱেল। তেওঁলোকে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে ছিংগাপুৰত থকা সমকক্ষৰ সৈতে বহি গোচৰটোৰ বিষয়ে কৰিব আলোচনা।

সত্ৰ বৰ্ডৰ অধীনত থাকিব সত্ৰ ভূমি। অসম বিধান সভাৰ পৰৱৰ্তী অধিৱেশনত উত্থাপন কৰা হ’ব অসম সত্ৰ সংৰক্ষণ উন্নয়ন পৰিষদ বিধেয়ক, ২০২৫। ইতিমধ্যে এই বিষয়ত অসম কেবিনেটত সিদ্ধান্ত লোৱা কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।