বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পৰা ভাৰত-দক্ষিণ আফ্ৰিকাৰ টেষ্টলৈ দিনটোৰ শীৰ্ষ খবৰ

Nov 14, 2025 | 9:38 PM

বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। বিহাৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পৰা আৰম্ভ কৰিছে টেষ্ট ক্ৰিকেটলৈকে চাওঁ আহক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

বিহাৰ নিৰ্বাচনৰ ভোটগণনা অব্যাহত। নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভেৰে চৰকাৰ গঠনৰ দিশে এন ডি এ। মুঠ ২৪৩ খন আসন বিশিষ্ট বিহাৰ বিধানসভাত ২০০ তকৈও অধিক আসনত অগ্ৰগতি এনডিএৰ। ইফালে বহু পিছপৰি আছে মহাজোটবন্ধন। মাত্ৰ ৩১ খন আসনতহে অগ্ৰগতি লাভ বিৰোধী মিত্ৰ শক্তিৰ।

বিহাৰ নিৰ্বাচনত এন ডি এৰ ফলাফলকলৈ আনন্দিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এক্সত পোষ্টযোগে এই জনাদেশৰ বাবে বিহাৰৰ জনতাক কৃতজ্ঞতা জনায় নেতাদুগৰাকীয়ে। এয়া সুশানৰ জয় বুলি অভিহিত কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।

বিহাৰৰ বাক্সাৰ সমষ্টিত জয়লাভ বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন আই পি এছ আনন্দ মিশ্ৰৰ। কংগ্ৰেছৰ প্ৰাৰ্থীক পৰাস্ত কৰি বিহাৰ বিধানসভালৈ নিৰ্বাচিত আনন্দ মিশ্ৰ। ৰাজনীতিলৈ অহাৰ পূৰ্বে অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়া আছিল তেওঁ। অসমত ড্ৰাগছ বিৰোধী অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আনন্দ মিশ্ৰই।

লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ