লালকিল্লাৰ বিস্ফোৰণৰ পৰা তিতাবৰৰ যুৱতী হত্যাকাণ্ডলৈ দিনটোৰ শীৰ্ষ খবৰ

Nov 10, 2025 | 11:20 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। লালকিল্লাৰ বিস্ফোৰণৰ পৰা তিতাবৰৰ যুৱতী হত্যাকাণ্ডলৈ পলকতে চাওক দিনটোৰ ৯টা শীৰ্ষ খবৰ।

গুৰুতৰভাৱে অসুস্থ প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰ। মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালৰ ভেণ্টিলেটৰত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকী। কেবাটাও স্বাস্থ্যজনিত সমস্যাত ভুগি থকা ধৰ্মেন্দ্ৰ কিছুদিন ধৰি আই চি ইউত ভৰ্তি হৈ আছিল। স্বাস্থ্যৰ অধিক অৱনিত ঘটাৰ পৰিপ্ৰেক্ষিতত আজি তেওঁক ভেণ্টিলেটৰলৈ স্থানান্তৰ কৰা হয়।

এফালে ছয়জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী আৰু আনফালে বিৰোধিতা। সোমবাৰে ১৪ টাকৈ জনজাতীয় সংগঠনৰ প্ৰতিবাদত কঁপিল সোণাপুৰ। এক গণসমাৱেশ আয়োজন কৰি ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা নিদিবলৈ দাবী জনায় সংগঠনসমূহে। ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে, পূৰ্বৰ জনজাতিৰ মৰ্যাদা থকা জনগোষ্ঠী কেইটাৰ ভাষা, সংস্কৃতি, ঐতিহ্যৰ অস্তিত্ব বিপদাপন্ন হ’ব পাৰে বুলি তেওঁলোকে শংকা প্ৰকাশ কৰে।

তিতাবৰত জঘন্য ঘটনা। এগৰাকী যুৱতীক হত্যা কৰি শৌচাগাৰৰ টেংকীত লুকুৱাই থ’লে জগত সিং নামৰ এজন ব্যক্তিয়ে। চাৰিদিন পূৰ্বে সন্ধানহীন হৈছিল যুৱতীগৰাকী। পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত অভিযান চলায় আৰক্ষীয়ে জগত সিঙৰ ঘৰৰ টেংকিত। জগত সিঙৰ অসৎ কামনাৰ বলি হৈ ৭ মাহৰ গৰ্ভৱতী হৈছিল যুৱতীগৰাকী। গৰ্ভপাত কৰাবলৈ নি জগত সিঙে যুৱতীগৰাকীক হত্যা কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ জগত সিঙৰ লগতে দুই পুত্ৰ আৰু এজন সহায়কক।

লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ