PM Narendra Modi News: মোদীৰ আগন্তুক অসম ভ্ৰমণৰ পৰা বিটিচি নিৰ্বাচনলৈ দিনটোৰ শীৰ্ষ খবৰ

Sep 12, 2025 | 10:11 PM

আজি বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। মোদীৰ আগন্তুক অসম ভ্ৰমণৰ পৰা বিটিচি নিৰ্বাচনলৈ ২ মিনিটত চাওক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

১৩ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মিজোৰাম আৰু মণিপুৰ ভ্ৰমণ সামৰি কাইলৈ বিয়লি অসমত উপস্থিত হ’ব নৰেন্দ্ৰ মোদী। বিয়লি প্ৰায় ৫ বজাত গুৱাহাটীত ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে। ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ বৃহৎ আন্তঃগাঁথনি আৰু উদ্যোগ উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব।

সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ সন্দৰ্ভত বিশেষ তদন্তকাৰী দলৰ প্ৰতিবেদনক “অতি বিস্ফোৰক” বুলি অভিহিত কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এছ আই টিয়ে ভাৰতৰ সাৰ্বভৌমত্ব সম্পৰ্কীয় অসংখ্য নথি উদ্ধাৰ কৰিছে। BTC নিৰ্বাচন সমাপ্ত হোৱাৰ পাছত কেবিনেটে এই প্রতিবেদনৰ ওপৰত আলোচনা কৰি অধিক ব্যৱস্থা লোৱাৰ সিদ্ধান্ত ল’ব বুলি কয় মুখ্যমন্ত্ৰীয়ে ৷

পলকতে চাওক দিনটোৰ শীৰ্ষ খবৰ